থিয়েটাৰ ‘সূৰ্য্যৰ’ মঞ্চত অভিজিত ভট্টাচাৰ্য ৰচনাৰে ‘মোৰ কেচুৱাই কান্দিছে’ নাটকত ব্যতিক্ৰম চৰিত্ৰ অভিনয় ট্ৰেজেডী কিং মৃদুল ভূঞাৰ

‘থিয়েটাৰ সূৰ্য্যৰ’ মঞ্চত অভিজিত ভট্টাচাৰ্য ৰচনাৰে ‘মোৰ কেচুৱাই কান্দিছে’ নাটকত ব্যতিক্ৰম চৰিত্ৰ অভিনয় কৰিছে ট্ৰেজেডী কিং মৃদুল ভূঞাই৷

অসমৰ স্বাভিমান ভ্ৰাম্যমাণ থিয়েটাৰ৷ অসমৰ এতিয়া প্ৰায়বোৰ ভ্ৰাম্যমাণ থিয়েটাৰে ৰাইজে মাজলৈ ওলাই আহিছে৷ বৰপেটা জিলাৰ ৰাউলিত জন্মলাভ কৰা নৱম নাট্যবৰ্ষৰ থিয়েটাৰ সূৰ্য্যৰ ২০২৩-২৪ নাটবৰ্ষৰ ব্যায়বহুল প্ৰযোজনাৰে ওলাই আহিছে ৰাইজৰ মাজলৈ৷

সৰ্থেবাৰী ৰাউলিত যোৱা দুটি নিশাত ৰাইজৰ বিপুল সহাৰি লাভ কৰাৰ পাছত আজি ৰাইজৰ মাজত দুটাকৈ দৰ্শনীত নিবেদন কৰিছে অভিজিত ভট্টাচাৰ্যৰ ৰচনাৰে “মোৰ কেচুৱাই কান্দিছে’’ নাটক খনত ৰাইজৰ বিপুল সমাদৰ লাভ কৰা দেখা গৈছে৷

হিল দোল ভাঙি ওলাই আহিছে হাজাৰ হাজাৰ দৰ্শকে মৃদুল ভূঞাৰ অভিনয় চাবলৈ৷ ‘ট্ৰেজেডী কিং’ খ্যাত মৃদুল ভূঞাই অতি দুখ লগা চৰিত্ৰত অভিনয় কৰি কন্দুৱালে হাজাৰ হাজাৰ দৰ্শকক৷

যথেষ্ট কষ্ট কৰি ৰাইজক এখন ভাল নাটক উপহাৰ দিয়া বুলি কয় মৃদুল ভূঞাই৷ অসমবাসী ৰাইজে কোনো দিনে নেদেখা চৰিত্ৰতত অভিনয় কৰি প্ৰথম নাট্যযাত্ৰাত ৰাইজৰ মৰম বুটিবলৈ সক্ষম হৈছে ‘সূৰ্য্য’ নাট্যদলে ৷ প্ৰতিজনে দৰ্শকে মৃদুল ভূঞাৰ অভিনয় চাই থিয়েটাৰ প্ৰেক্ষাগৃহত এ কান্দিলে৷