থিয়েটাৰ ভাগ্যদেবীৰ শুভ নাট্যাৰম্ভ৷
৫৬ তম বৰ্ষৰ নাট্যাৰম্ভ কৰিলে নাট্যকাৰ সমৰেন্দ্ৰ বৰ্মনৰ ৰচিত “ৰাজ ৰানী“ নাটৰে৷
ব্যাপক ব্যয় বহুল অভিজাত প্ৰয়োজনাৰে আজিৰে পৰা আৰম্ভ কৰিলে ২০২৩/২৪ বৰ্ষৰ নাট্যাৰম্ভ৷
সম্পূৰ্ণ আধ্যাত্মিক কাৰ্য্যসূচী আৰু আমন্ত্ৰিত অতিথিৰ আপ্যায়নৰে অনুষ্ঠিত নাট্যাৰম্ভ অনুষ্ঠানতে যথেষ্ট সংখ্যাক ৰাইজৰ সমাগম হয়৷
ইতিমধ্যে নাট্যদলটিয়ে সমৰেন্দ্ৰ বৰ্মনৰ ৰাজ ৰানী, ৰাজদীপৰ বিদ্ৰোহীৰ প্ৰেম পত্ৰ আৰু নৱৰত্ন পাটোৱাৰীৰ মায়াবিনী ৰাতিৰ জোনাক নাট আৰু এদল জনপ্ৰিয় নাট্যযোদ্ধাৰে এইবেলিৰ নাট্যযাত্ৰা আৰম্ভ কৰিছে বুলি মুখ্য প্ৰযোজক সুবোধ মজুমদাৰ আৰু প্ৰযোজক ৰূপেন লহকৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে৷