ঘগ্ৰাপাৰ থানাৰ ভিতৰত এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগত অভিযুক্ত পলাতক তথা বৰ্খাস্ত হোৱা OC বিমান ৰয়ক অৱশেষত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ কৰা হয়।
৯ দিনৰ অন্তত বৃহস্পতিবাৰে আৰক্ষীৰ জালত পৰিল বিমান ৰয় ।
বৃহস্পতিবাৰে পুৱা গ্ৰেপ্তাৰ হয় বিমান ৰয়। গুৱাহাটী পানীখাইতি ৰে’ল ষ্টেচনৰ পৰা গ্ৰেপ্তাৰ কৰা হয় বিমান ৰয়ক। অসুস্থ অৱস্থাত উদ্ধাৰ হয় বিমান ৰয়। তাৰ পিছতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ লৈ চিকিৎসাহৰ বাবে লৈ যোৱা হয়।
পলাতক হৈ থকা বিষয়াগৰাকীক গুৱাহাটীৰ পানীখাইতি ৰে’লৱে ষ্টেচনৰ পৰা অচেতন অৱস্থাত উদ্ধাৰ কৰা হৈছে বুলি প্ৰাথমিক সূত্ৰত প্ৰকাশ।
উল্লেখযোগ্য যে থানাৰ ভিতৰত এগৰাকী কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উঠিছিল বিমান ৰয়ৰ বিৰুদ্ধে। লগতে থানাৰ ভিতৰতে কিশোৰীগৰাকীৰ আপত্তিজনক ফটো তোলাৰো অভিযোগ উত্থাপিত হৈছিল। তাৰ পাছৰ পৰাই পলাতক হৈ আছিল বিমান ৰয়। এই ঘটনাৰ পিছতে এই কাণ্ডই ৰাজ্যজুৰি তুমূল বিতৰ্ক সৃষ্টি কৰিছিল, পাছত ৰয়ক অসম আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে চাকৰিৰ পৰা বৰ্খাস্ত কৰিছিল।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা বিমান ৰয়ক আৰক্ষী বিষয়া অনিন্দিতা গগৈৰ নেতৃত্বত ভঙাগড় আৰক্ষী থানাত উপস্থিত হোৱা নলবাৰী আৰক্ষী দলে গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছত তেওঁক নলবাৰীলৈ লৈ যোৱা হয়।