থাওৰা সমষ্টিত সুশান্ত বৰগোহাঁই মূৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ

থাওৰা সমষ্টিত সুশান্ত বৰগোহাঁই মূৰ্দাবাদ ধ্বনিৰে তীব্ৰ প্ৰতিবাদ ।

থাওৰা সমষ্টিৰ ডিমৌ ৰাজহ চক্ৰৰ অন্তৰ্গত ১নং উদয়পুৰ গাঁৱৰ ৰাইজৰ তীব্ৰ প্ৰতিবাদ। পথৰ উপৰত ভূঁই ৰুই ৰাইজে প্ৰতিকী ভাৱে এই প্ৰতিবাদ সাব্যস্ত কৰে।

নিৰ্বাচনৰ সময়তহে স্থানীয় বিধায়ক গৰাকীয়ে ভোট বিচাৰি ১ নং উদয়পুৰ অঞ্চলত পদাৰ্পন কৰেহি বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে। গাওঁবাসীয়ে বিভাগীয় কৰ্তপক্ষৰ লগতে স্থানীয় বিধায়কক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

১ নং উদয়পুৰ গাঁৱৰ ৰাইজ একত্ৰিত হৈ “বিজেপি চৰকাৰ মূৰ্দাবাদ” “অসম চৰকাৰ মূৰ্দাবাদ” “সুশান্ত বৰগোহাঁই মূৰ্দাবাদ” আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে।