তীৰ আৰু জুৱাৰ বিৰুদ্ধে বঙাইগাঁও জিলা আৰক্ষীয়ে কঠোৰ অভিযান আৰম্ভ কৰিছে। জিলাখনৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত গেৰুকাবাৰী তহলদাৰী আৰক্ষী চকীৰ আৰক্ষীয়ে ১ নং জামদহাৰ পৰা তীৰ খেলৰ লগত জড়িত এজনক গ্ৰেপ্তাৰ কৰে। মংগলবাৰে নিশা ১ নং জামদহাত আৰক্ষীয়ে অভিযান চলাই পাৰ্থ সুত্ৰধৰ নামৰ এজন তীৰ খেলৰ জুৱাৰীক আটক কৰাৰ লগতে ৭ টা তীৰ টিকট, নগধ ১৫৭৮০ টকা, এটা মোবাইল ফোনসহ আৰু কিছু সামগ্ৰী আৰক্ষীয়ে জব্দ কৰে । আৰক্ষীয়ে জুৱাৰীজনৰ বিৰুদ্ধে মাণিকপুৰ কেচনং ১০১/২৩, u/s – 14 ধাৰাত এজাহাৰ ৰুজু কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ।