তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ কাকপথাৰত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা। নিশা প্ৰায় ১০.৩০ বজাত কাকপথাৰ বৰ ডিৰাকত সংঘটিত হয় এই দুৰ্ঘটনাটো। ট্ৰাক আৰু মালবাহী মেজিক বাহনৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত ৭জন লোকৰ মৃত্যু হয়। আনহাতে, ১২জন লোক গুৰুতৰভাৱে আহত হয় এই দুৰ্ঘটনাত।
ডুমডুমাৰ মংগলীয়া বজাৰৰ পৰা ডিৰাক সোণজানৰ বাসগৃহলৈ টাটা মালবাহী মেজিকেৰে গৈ থকা অৱস্থাত ট্ৰাকৰ লগত হোৱা সংঘৰ্ষৰ ফলত হয় এই দুৰ্ঘটনাটো।
জানিব পৰা মতে, ট্ৰাকখনৰ চালকে সুৰাপান কৰাৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। অত্যধিক মদ্যপান কৰি অৰুণাচল প্ৰদেশৰ দিশৰ পৰা আহি আছিল বুলি জানিব পৰা গৈছে।
মৃত্যু হোৱা লোকসকল হ’ল বিনীতা (বিলি) বৰুৱা, ৰীণা গগৈ, মিহিধৰ নেওগ, পবেন মৰাণ, কুলাই মেছ, পল্লৱী দহোটীয়া। আহতসকল ক্ৰমে অতুল গগৈ, বুৰঞ্জীত মৰাণ, জোনালী মৰাণ, বিকাশ নেওগ, গোলেশ্বৰ মৰাণ, মনো মৰাণ, যশোদা মৰাণ, লক্ষিমণী মৰাণ, এবলতা মৰাণ, পিংকী মৰাণ আৰু মাকন গগৈ।
আহতসকলক সংকটজনক অৱস্থাত ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়। ট্ৰাকখনৰ নম্বৰ AS 23 CC 8930 আৰু টাটা মেজিক খনৰ নম্বৰ আছিল AR 20 A 1093।