যুৱ কৃষকক আদৰ্শ হিচাপে লৈ বাগানপাৰাত কৃষি কাৰ্যত মনোনিৱেশ বহু যুৱকৰ।
ড্ৰেগন ফল – আপেল বগৰিৰ খেতিৰে লাখ লাখ টকা উপাৰ্জন চবন খাখলাৰীৰ।
কৃষি কাৰ্মৰ জৰিয়তে পঞ্জাৱ-হাৰিয়ানাৰ কৃষকৰ দৰে চহকী হ’ব পৰাকৈ অসমতো কৃষিৰ উপযুক্ত সমল আছে । নতুন প্ৰজন্মই কৃষি প্ৰযুক্তি ব্যৱহাৰ কৰি নতুন নতুন কৃষি কৰ্মত ব্ৰতী হ’লে কৃষিৰ জৰিয়তে এক চহকী জীৱন যাপন কৰিব পাৰে ।
কৃষিৰ জৰিয়তে বছৰি লাখ লাখ টকা উপাৰ্জনৰ লগতে কেইবাটাও পৰিয়ালক ভৰণ-পোষণৰ দায়িত্ব লোৱা তেনে এগৰাকী যুৱ কৃষক হ’ল বাক্সা জিলাৰ বাগানপাৰাৰ বগুলামাৰী গাঁৱৰ চবন খাখলাৰী ।
বিগত প্ৰায় দুুটা দশক ধৰি কৃষি কাৰ্যত জড়িত হৈ থকা চবন খাখলাৰীয়ে ২০২১ চনত দুবিঘা মাটিত ড্ৰেগন ফলৰ খেতি আৰু চাৰি বিঘা মাটিত আপেল বগৰিৰ খেতি আৰম্ভ কৰিছিল ৷ এই ড্ৰেগন ফল আৰু আপেল বগৰিৰ খেতিৰ পৰা যথেষ্ট পৰিমানৰ ধন উপাৰ্জন কৰিবলৈ সক্ষম হোৱা চবন খাখলাৰীয়ে ড্ৰেগন ফলৰ খেতি চাৰি বিঘালৈ সম্প্ৰসাৰণ কৰাৰ উপৰি আপেল বগৰিৰ খেতি ছয় বিঘালৈ সম্প্ৰসাৰণ কৰে ।
যোৱা বছৰ চবন খাখলাৰীয়ে ড্ৰেগন ফলৰ পৰা চাৰি লাখ আৰু আপেল বগৰিৰ পৰা ছয় লাখ টকা উপাৰ্জন কৰে ৷
আনহাতে দুবিঘা মাটিত ৰোৱা উন্নত জাতৰ অমিতা আৰু মধুৰি আমৰ পৰাও যথেষ্ট ধন উপাৰ্জন কৰে চবন খাখলাৰীয়ে । এইবাৰ এই খেতি সম্প্ৰসাৰিত হোৱাত যোৱা বছৰৰ তুলনাত দুগুণ ধন উপাৰ্জন কৰিবলৈ সক্ষম হ’ব বুলি আশা ব্যক্ত কৰা চবনে ড্ৰেগন ফলৰ পুলি বিক্ৰী কৰিও ধন উপাৰ্জন কৰে ৷
পত্নী নীতা বড়ো খাখলাৰী আৰু জ্যেষ্ঠ ভাতৃ বাবুল খাখলাৰীয়ে এই কৃষি কাৰ্যত যথেষ্ট সহায় কৰাত চবন খাখলাৰীয়ে দুগুণ উৎসাহেৰে নতুন নতুন কৃষিত আত্মনিয়োগ কৰিছে ৷ তিনিটাকৈ শ্ৰমিক পৰিয়ালক এই কৃষি কাৰ্যৰ জৰিয়তে পোহপাল দিবলৈ সক্ষম হোৱা চবন খাখলাৰীয়ে এই কৃষিপামখনৰ পৰিসৰ বৃদ্ধিৰ বাবে পৰিকল্পনা কৰিছে ৷
বাক্সা কৃষি বিজ্ঞান কেন্দ্ৰই বিভিন্ন ধৰণে সহযোগিতা আগবঢ়োৱা চবনক বাক্সা জিলাৰ কৃষি বিভাগে দুহেজাৰ ড্ৰেগন ফলৰ পুলি আৰু পাঁচশ টা পকী খুটা যোগান ধৰিছে । আনহাতে জিলাখনৰ জলসিঞ্চন বিভাগে জলসিঞ্চনৰ বাবে সৌৰশক্তি চালিত পাম্পচেটৰ ব্যৱস্থা কৰি দিছে ।
এই ড্ৰেগন ফল আৰু আপেল বগৰি বিক্ৰীৰ ক্ষেত্ৰত কোনো অসুবিধা নোহোৱা চবন খাখলাৰীৰ উৎপাদিত ফল খেতিপথাৰৰ পৰাই গুৱাহাটী , নলবাৰী আৰু কোকৰাঝাৰৰ ব্যৱসায়ীয়ে লৈ যায় ৷ ইফালে চবন খাখলাৰীক আদৰ্শ হিচাপে লৈ বগুলামাৰী তথা বাগানপাৰা অঞ্চলৰ বহু যুৱ খেতিয়কে সম্প্ৰতি ড্ৰেগন আৰু আপেল বগৰিৰ খেতি আৰম্ভ কৰিছে ৷
বহি: ৰাজ্যলৈ কাম বিচাৰি যোৱা অসমৰ প্ৰতিগৰাকী যুৱকক চবন খাখলাৰীয়ে আহ্বান জনাই কয় যে শ্ৰমিক হিচাপে আন ৰাজ্যত কাম বিচাৰি যোৱাৰ বিপৰীতে প্ৰতিগৰাকী যুৱকে কৃষি কাৰ্যত আত্মনিয়োগ কৰিলে নিজে স্বাৱলম্বী হোৱাৰ লগতে অসমৰ অৰ্থনীতি শক্তিশালী হ’ব ।