ড্ৰীমছ্‌ মেকআপ ষ্টুডিঅ এণ্ড বিউটি একাডেমীৰ উদ্যোগত সৌন্দৰ্যচৰ্চাৰ কৰ্মশালা সম্পন্ন

ড্ৰীমছ্‌ মেকআপ ষ্টুডিঅ এণ্ড বিউটি একাডেমীৰ উদ্যোগত সৌন্দৰ্যচৰ্চাৰ কৰ্মশালা সম্পন্ন।

কামৰূপ জিলাৰ বৃহত্তৰ বাইহাটা – চাংসাৰি অঞ্চলৰ অন্যতম সৌন্দৰ্যচৰ্চাৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান ড্ৰীমছ্‌ মেকআপ ষ্টুডিঅ এণ্ড বিউটি একাডেমীৰ উদ্যোগত চাংসাৰিৰ শৰাইঘাট মহাবিদ্যালয় প্ৰেক্ষাগৃহত দুদিনীয়াকৈ অনুষ্ঠিত কৰা হয় সৌন্দৰ্যচৰ্চাৰ কৰ্মশালা।

শনিবাৰৰ পৰা অনুষ্ঠিত হৈ যোৱা কৰ্মশালাত বিভিন্ন ঠাইত যুৱতী মহিলাই সৌন্দৰ্যচৰ্চাৰ ওপৰত প্ৰশিক্ষণ লোৱা পৰিলক্ষিত হয়।

প্ৰথমদিনা কেবাগৰাকী বিশিষ্ট ব্যক্তিৰ উপস্থিতিত শৰাইঘাট মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ মণি শৰ্মাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভণি কৰে এই কৰ্মশালা।

দেওবাৰে জনপ্ৰিয় অভিনেত্ৰী অমৃতা গগৈয়ে প্ৰশিক্ষাৰ্থী সকলক সৌন্দৰ্যচৰ্চাৰ ওপৰত বিভিন্ন ধৰণৰ দিহা পৰামৰ্শ আগবঢ়াই। ড্ৰীমছ্‌ মেকআপ ষ্টুডিঅ এণ্ড বিউটি একাডেমীৰ উদ্যোগত শৰাইঘাট মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই কৰ্মশালাৰ শেষত প্ৰশিক্ষাৰ্থী সকলক একোখনকৈ প্ৰমানপত্ৰ প্ৰদান কৰা হয়।