ডবকাত ডাম্পাৰৰ খুন্দাত একেটা পৰিয়ালৰ তিনিজনৰ কৰুণভাৱে মৃত্যু।

ডবকাত ডাম্পাৰৰ খুন্দাত একেটা পৰিয়ালৰ তিনিজনৰ কৰুণভাৱে মৃত্যু।

প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, মৃতসকলৰ ভিতৰত এজন পিতৃ আৰু তেওঁৰ দুগৰাকী নাবািলকা কন্যাও আছিল। অসমৰ হোজাই জিলাৰ ডবকাৰ জব্ৰাখোৱাত দ্ৰুতবেগী ডাম্পাৰে খুন্দা মৰাৰ ফলত তেওঁলোক ঘটনাস্থলীত নিহত হয়।

দুৰ্ঘটনা সংঘটিত ডাম্পাৰখনৰ পঞ্জীয়ন নম্বৰ আছিল এএছ ০১ বি চি ৯৫০৪। প্ৰত্যক্ষদৰ্শী সকলৰ মতে ট্ৰাকখন ভুল দিশৰ পৰা আহি আছিল আৰু চালকজন অত্যাধিক নিচাগ্ৰস্ত আছিল যাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হৈছিল।

দেউতাক আৰু তেখেতৰ দুগৰাকী কন্যাই এখন পালচাৰ মটৰচাইকেলত আহি থকা অৱস্থাত তেওঁলোকক দ্ৰুতবেগী ডাম্পাৰখনে খুন্দা মাৰিছিল যাৰ ফলত তেওঁলোকৰ ঘটনাস্থলিতে কৰুণ মৃত্যু হয়। মৃত নাবালীকা দুগৰাকীৰ বয়স প্ৰায় ছয়ৰ পৰা সাত বছৰ বুলি অনুমান কৰা হৈছে।

ডবকা আৰক্ষীয়ে ইয়াৰ পিছতে দুৰ্ঘটনাস্থলীত উপস্থিত হয় আৰু মৃতদেহকেইটা আইনৰ প্ৰয়োজন অনুসৰি পৰৱৰ্তী প্ৰক্ৰিয়াৰ বাবে প্ৰেৰণ কৰে।

মৃতকৰ পৰিচয় বাতৰি যুগুত কৰালৈকে জানিব পৰা হোৱা নাই আৰু আৰক্ষীয়ে তেওঁলোকৰ নিকটাত্মীয়ৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰি আছে।