সূৰ্য অভিমুখে যাত্ৰা কৰিলে ভাৰতৰ আদিত্য এল-১ নামৰ মহাকাশযানখনে।
এই অভিযানত জড়িত হৈ আছে এগৰাকী অসমীয়া বিজ্ঞানী। তেওঁ হৈছে যোৰহাটৰ যোৰহাট বাহনা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপিকা ড০ ঐশ্বন্যা শৰ্মা।

সূৰ্যৰ জটিল প্ৰক্ৰিয়া বিলাক অধ্যয়ন কৰিবৰ বাবে অসমৰ ঐশ্বন্যা শৰ্মাক নিয়োগ কৰা হৈছে। লগতে সূৰ্যৰ আলোক মণ্ডল আৰু বৰ্ণ মণ্ডলত স্থিত তৰংগৰ কম্পনাংকৰ বিষয়ে অধ্যয়ন কৰিব। উল্লেখ্য যে, ড০ শৰ্মা ২০১৫ চনৰ পৰাই এই প্ৰকল্পৰ সৈতে তেওঁ জড়িত হৈ আছে।