টংলাত জয়ৰংগমৰ সাতদিনীয়া কাৰ্য্যসূচীৰে ৰাষ্ট্ৰীয় নাট সমাৰোহ

Entertainment Desk: ওদালগুৰি জিলাৰ টংলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলৈ গৈ আছে ৰাষ্ট্ৰীয় নাট সমাৰোহ ৷ অহা 24 ছেপ্টেম্বৰৰ পৰা 30 ছেপ্টেম্বৰলৈ 7 দিনীয়াকৈ অনুষ্ঠিত হ’ব জয়ৰংগমৰ ৰাষ্ট্ৰীয় নাট সমাৰোহ ৷ প্ৰায় সাত দিনীয়া কাৰ্যসূচীৰে টংলা দাপোন দ্য মিৰ’ৰত হ’ব এই নাট সমাৰোহ ৷

উক্ত সমাৰোহত অসম, মেঘালয়, নাগালেণ্ড, ৰাজস্থান আদি কেইবাখনো ৰাজ্যৰ পৰা সাতটাকৈ নাট্য দলে বিভিন্ন ভাষাত মঞ্চস্থ কৰিব সাতখনকৈ নাটক ৷ অহা 24 ছেপ্টেম্বৰৰ সন্ধিয়া অভিনেতা তথা পৰিচালক পবিত্ৰ ৰাভাৰ পৰিচালনাত প্ৰথমখন নাট ‘মংগ্লী’ৰে (monglee) শুভাৰম্ভ কৰা হ’ব এই নাট সমাৰোহ ৷

24 ছেপ্টেম্বৰৰ পৰা প্ৰতিদিনে নাটকৰ পূৰ্ৱে সন্ধিয়া 6 বজাৰ পৰা 6.30 বজালৈ থাকিব থলুৱা কৃষ্টি-সাংস্কৃতি পৰিৱেশনৰ অনুষ্ঠান ৷ ইফালে উক্ত অনুস্থানৰ সংগতি ৰাখি অতিথিক থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ’ব বুলি জানিবলৈ দিছে উদ্যোক্তাই ৷

সাত দিনীয়াকৈ ৰাষ্ট্ৰীয় নাট সমাৰোহৰ কাৰ্যসূচীক লৈ টংলাৰ দাপোনত পূৰ্ণোদ্যমে চলিছে প্ৰস্ততি ৷ সম্পূৰ্ণ বিনামূলীয়াভাৱে সকলো ৰাইজে উপভোগ কৰিব পাৰিব নাটসমূহ ৷ সেয়েহে সকলোকে অহা 24 তাৰিখৰ পৰা অনুষ্ঠান উপভোগ কৰিবলৈ আহ্বান জনালে অভিনেতা পবিত্ৰ ৰাভাই ৷