ঝাউবাৰী গাওঁ পঞ্চায়তত অমৃত কলহ যাত্ৰা আৰম্ভ

ঝাউবাৰী গাওঁ পঞ্চায়তত অমৃত কলহ যাত্ৰা আৰম্ভ।

সৰভোগঃ ২০২২ চনৰ ১৫ আগষ্টত আমাৰ দেশে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ কৰিছিল। এই বিৰল উপলক্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই দেশজুৰী স্বাধীনতাৰ অমৃত মহোৎসৱ উৎযাপন কৰিবলৈ দেশবাসীক আহ্বান জনাইছিল। তদুপৰি ভাৰতৰ স্বাধীনতাৰ শতবৰ্ষলৈকে এই সময়ছোৱাক অমৃত কাল হিচাপে চিহ্নিত কৰি তেখেতে এক মহৎ স্বপ্ন দাঙি ধৰিছিল।

অমৃত কালৰ সূচনা পৰ্বত প্ৰধানমন্ত্ৰীৰ অকুন্ঠ প্ৰেৰণাত অসমত ২০ চেপ্তেম্বৰ ২০২৩ৰ পৰা অমৃত কলহ যাত্ৰা আৰম্ভ হয়। ইয়াৰ লগত সংগতি ৰাখি বঙাইগাঁও জিলাৰ মানিকপুৰ উন্নয়ন খণ্ডৰ অন্তৰ্ভুক্ত ঝাউবাৰী গাওঁ পঞ্চায়তৰ অদলাগুৰী পূৱপাৰা, মধ্যপাৰাত অদলাগুৰী বীৰঙ্গণা ভি অৰ উদ্যোগত আৰু আত্ম সহায়ক গোটৰ সহযোগত অমৃত কলহ যাত্ৰা শুভ আৰম্ভ কৰা হয়।

২০ চেপ্তেম্বৰৰ পৰা ১ অক্টোবৰ লৈকে নিৰ্দিষ্ট ৱাৰ্ডৰ প্ৰতি ঘৰৰ মাটি অথবা চাউল অমৃত কলহত সংগ্ৰহ কৰি অভিযান এই সময় ছোৱাত সম্পন্ন কৰা হ’ব। গাওঁখনৰ বহুতো বয়োজেষ্ঠ মহিলাৰ উপস্থিতিত এই গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠানত প্ৰায় তিনি শতাধিক মহিলাই অংশগ্ৰহণ কৰি অনুষ্ঠান সাফল্য মণ্ডিত কৰি তোলে।