জোনাইত কোটি টকীয়া অসামৰিক চিকিৎসালয় ভৱন নিৰ্মাণত ব্যাপক দুৰ্নীতি

জোনাইত কোটি টকীয়া অসামৰিক চিকিৎসালয় ভৱন নিৰ্মাণত দুৰ্নীতি।

নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই বহু ঠাইত বৃহৎ ফাট।

জোনাই 12 জুলাই : ধেমাজি জিলা সীমান্তৱৰ্তী জোনাই মহকুমাৰ লক্ষী নেপালী বস্তিত মহকুমা অসামৰিক চিকিৎসালয়ৰ কোটি টকীয়া ভৱন নিৰ্মাণত ব্যাপক দুৰ্নীতি আৰু অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

উল্লেখযোগ্য যে জোনাইৰ মহকুমাৰ লক্ষী নেপালী বস্তিত অৱস্থিত ত্ৰিছখন বিছনাযুক্ত অসামৰিক চিকিৎসালয়খন এশখন বিছনাযুক্ত মহকুমা অসামৰিক চিকিৎসালয়লৈ উন্নীতকৰণৰ বাবে কেইবা কোটি টকীয়া নতুন ভৱন নিৰ্মাণ কৰিছে।

2018 চনৰ 11 জুনত তদানীন্তন স্বাস্থ্যমন্ত্ৰী তথা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জোনাইত উপস্থিত হৈ উক্ত কোটি টকীয়া মহকুমা অসামৰিক চিকিৎসালয়ৰ নতুন ভৱনৰ আধাৰশীলা স্থাপন কৰে। কিন্তু অতি পৰিতাপৰ বিষয় যে অসাধু তথা মুনাফা লোভী ঠিকাদাৰে প্ৰায় 22 কোটি টকীয়া মহকুমা চিকিৎসালয় ভৱনৰ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ আশ্ৰয় লোৱাৰ অভিযোগ উঠিছে।

জানিব পৰামতে প্ৰদীপ ৰতী নামৰ ঠিকাদাৰ নিৰ্মাণ কৰা কোটি টকীয়া চিকিৎসালয় ভৱনটো নিম্নমানেৰে নিৰ্মাণ কৰাৰ ফলত নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই বহু ঠাইত বৃহৎ বৃহৎ ফাট মেলা দেখা গৈছে।

নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই কোটি টকীয়া চিকিৎসালয় ভৱনটোৰ বিভিন্ন ঠাইত ফাট মেলা দেখি জোনাইবাসী ৰাইজে শংকিত হৈ পৰিছে। ব্যাপক দুৰ্নীতিৰে নিৰ্মাণ কৰা চিকিৎসাখনৰ ফাট মেলা দেখি কৃষক মুক্তি সংগ্ৰাম সমিতি, কংগ্ৰেছ দলৰ লগতে ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

ইপিনে উক্ত কেইবা কোটি টকীয়া মহকুমা অসামৰিক চিকিৎসালয় ভৱনটো বিগত পাঁচ বছৰে ঠিকাদাৰে নিৰ্মাণ সম্পূৰ্ণ কৰি নোৱৰাৰ অন্তৰালত অসাধু ঠিকাদাৰৰ গাফিলতি থকা বুলি ৰাইজে ক্ষোভ প্ৰকাশৰ কৰিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপ-সভাপতি চেইফ পাৱই দুৰ্নীতিৰ বিৰুদ্ধে যি সময়ত আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শূন্য সহনশীলতা কথা কৈ আছে, যি সময়ত বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়ক, সাংসদকে আদি কৰি নেতা-কৰ্মীসকলে ৰাইজৰ ঘৰে ঘৰে গৈ বিজেপি চৰকাৰৰ বিগত দিনবোৰত কৰা উন্নয়নৰ কথাবোৰ ৰাইজক বুজাই আছে সেই সময়তে জোনাই মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মীয়মান অৱস্থাতে বহু ঠাইত ফাট মেলাক তীব্ৰ গৰিহণা দিছে।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা পাৱই বিজেপি চৰকাৰক প্ৰশ্ন কৰি এইয়াই নেকি আপোনালোকে কৈ থকা উন্নয়নৰ নমুনা বুলি প্ৰশ্ন কৰিছে। কেৱল ঠিকাদাৰ স্বাৰ্থত বিজেপি চৰকাৰে ৰাইজৰ টকাবোৰ অপব্যয় কৰিছে নেকি বুলিও প্ৰশ্ন কৰিছে। কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অতি শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ লাইচেন্স বাতিল কৰি ঠিকাদাৰৰ ওপৰত আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে। অন্যৰ্থা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰতৰ আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও সকীয়াই দিছে।

ইপিনে জোনাই অসামৰিক চিকিৎসালয় ভৱনটো নিৰ্মাণৰ ক্ষেত্ৰত সংঘটিত দুৰ্নীতিৰ ওপৰত উচিত তদন্ত কৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লৈ কংগ্ৰেছ নেতা সঞ্জয় পেগুৱে দাবী জনাইছে। কংগ্ৰেছ নেতা সঞ্জয় পেগুৱে এক বিবৃতিযোগে অভিযোগ কৰামতে, জোনাই মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মীয়মান অৱস্থাতে ৱাল, ভীম আদিত বৃহৎ ফাট মেলা ঘটনাই অসাধু ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি কোটি টকীয়া ভৱনটো নিৰ্মাণ কৰাকে প্ৰতিপন্ন কৰিছে। সেয়েহে ঊৰ্ধতন কৰ্তৃপক্ষৰ লগতে মুখ্যমন্ত্ৰী, স্থানীয় সাংসদ আৰু বিধায়ক ভুৱন পেগুক উচিত তদন্ত কৰি ঠিকাদাৰৰ ওপৰত বিহীত ব্যৱস্থা ল’বলৈ দাবী জনাইছে। তদুপৰি সঞ্জয় পেগুৱে জোনাই মহকুমাত পৰ্যাপ্ত সংখ্যক চিকিৎসাক নথকাৰ বাবে ৰোগী ৰাইজে সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ কথা উল্লেখ কৰি শীঘ্ৰে মহকুমা অসামৰিক চিকিৎসালয়খন নিৰ্মাণ সম্পূৰ্ণ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰত দাবী জনাইছে।