আজিও শিলসাঁকোত উচ্ছেদিত লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে আৰু প্ৰকাশ কৰে যে পৌৰ নিগমৰ গৃহ নম্বৰ, বিজুলী সংযোগৰ পৰা আৰম্ভ কৰি শিলসাঁকোবাসীক চৰকাৰে দিছিল সকলো সা-সুবিধা দি আহিছিল ৷ আনকি নিৰ্বাচনৰ সময়তো বহু আশা প্ৰতিশ্ৰুতি প্ৰদান কৰি বিজেপিয়ে লৈছিল ভোট ৷ কিন্তু, তাৰ পিছত চৰকাৰে সাধাৰণ জনতাক উচ্ছেদ কৰা কোনো পধ্যে মানি লোৱা নহ’ব ।
প্ৰতিবাদী লোকসকলে ধনী শ্ৰেণীৰ ঘৰত প্ৰশাসনৰ হাতোৰা লগাবলৈ সাহস নাই বুলিও চৰকাৰক সমালোচনা কৰে। প্ৰতিবাদী ৰাইজে প্ৰকাশ কৰে- ”উচ্ছেদ বহুত হ’ল ৷ এইবাৰ আৰু নোৱাৰিব ৷ আমি জীৱন দিম অথচ মাটি নিদিওঁ ৷”
”মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ পুঁজিপতিৰ চৰকাৰ ৷ মুখ্যমন্ত্ৰী শৰ্মা চৰকাৰে ধনী শ্ৰেণীক ৰক্ষা কৰি দুখীয়া-দৰিদ্ৰৰ বিৰুদ্ধে চলাইছে উচ্ছেদ ৷” জিঞ্জাৰ, অকেডি, আজমলৰ ভূমিত উচ্ছেদ নচলাৰ বাবে এই মন্তব্য কৰিছে শিলসাঁকোৰ উচ্ছেদিত লোকে।