জি-২০ ৰ সফলতাৰ পাছত ২২খন দেশ ভাৰতত ব্যবসায় কৰিবলৈ সাজু: নিৰ্মলা সীতাৰমণ

ডিজিটেল ডেস্কঃ ইতিমধ্যে দেশৰ ৰাজধানী নতুন দিল্লীত সফলভাৱে সামৰণি পৰে জি-২০ দেশৰ বৈঠক। এই বৈঠকৰ সফলতা সন্দৰ্ভত কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত মত প্ৰকাশ কৰে।

সীতাৰমনে কয় যে, জি-২০ত ভাৰতে সকলো বিষয়ত সহমত লাভ কৰিছে। ২২ খন দেশ টকাত ভাৰতত ব্যৱসায় কৰিবলৈ সাজু। জি-২০ সদস্য দেশসমূহে ভাৰতৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী মোডীয়ে গোলকীয় দক্ষিণৰ কণ্ঠস্বৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

জি-২০-এ ক্ৰিপ্টো সম্পদ, গোলকীয় ঋণ, ব্ৰেটন উডছ ইনষ্টিটিউচন – আন্তৰ্জাতিক মুদ্ৰা মঞ্চ আৰু বিশ্ব বেংকত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ দৰে বিষয়সমূহৰ ওপৰত সামূহিক আলোচনা কৰা হয়।

এই বৈঠকত ভাৰতৰ উন্নয়নৰ প্ৰয়োজনীয়তা সন্দৰ্ভতো আলোচনা কৰা হয়। জি-২০ৰ বাবে বহুতো চহৰত সভা অনুষ্ঠিত হৈছিল। ইয়াৰ জৰিয়তে সকলো দেশে ভাৰতৰ বৈচিত্ৰ্য আৰু সংস্কৃতি দেখিছে। জি-২০ সন্মিলনে বিশ্বত ভাৰতৰ এক নতুন ছবি তৈয়াৰ কৰিছে। ডিজিটেল ক্ষেত্ৰখনতো ভাৰতে নতুন গতি প্ৰদান কৰিছে।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে বিভিন্ন ক্ষেত্ৰত মোডী চৰকাৰে লাভ কৰা সফলতা সমূহৰ বিষয়েও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে।