জিলা, উপ জিলা গঠনক লৈ বৰনগৰ প্ৰেছ ক্লাবৰ ক্ষোভ

সৰভোগঃ নৱগঠিত জিলাৰ মানচিত্ৰ চাই ক্ষোভ প্ৰকাশ বৰনগৰ প্ৰেছ ক্লাবৰ।

বৰনগৰ ৰাজহ চক্ৰ বিষয়া মিথিংগা দৈমাৰী জৰিয়তে স্মাৰক পত্ৰ প্ৰেৰণ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ।

ভৱানীপুৰ-সৰভোগ উপ জিলা গঠনক বৰনগৰ প্ৰেছ ক্লাবে সৰভোগত উপ জিলা কাৰ্যালয় স্থাপনৰ দাবী উত্থাপন কৰে।

বৰনগৰবাসী অঞ্চলৰ এক ঐতিহাসিক নাম আছে যাৰ ইতিহাস সকলোৱে জানে । এই ইতিহাসৰ সম্মান ৰক্ষা কৰি সৰভোগত উপ জিলা কাৰ্য্যালয় স্থাপন কৰে তাৰে দাবী জনায়।

২০১৬ চনত সৰভোগক মহকুমা হিচাপে ঘোষণা কৰিছিল আৰু বৰনগৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ত সৰভোগ মহকুমাৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ শুভ উদ্বোধন কৰে ।

সৰভোগ অঞ্চল বজালী জিলাত অন্তৰ্ভুক্ত কৰাৰ বাবে বৰনগৰ প্ৰেছ ক্লাবে ক্ষোভ উজাৰে ।

সৰভোগৰ পৰা বজালী জিলাৰ দূৰত্ব প্ৰায় ৪৫ কিলোমিটাৰ আৰু মাজত এটি টোলগেট আছে । দৰিদ্ৰ ৰাইজে টোলগেটৰ কৰ দি বজালী জিলালৈ যাবলৈ অসুবিধা সৃষ্টি হব বুলি উল্লেখ কৰে

অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বিজ্ঞানসন্মত চালি জাৰি চাই সৰভোগ অংশ বৰপেটা জিলাত সংলগ্ন কৰাৰ দাবী উত্থাপন কৰে ।