জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাৰ পুঠিমাৰী নৈৰ নিৰ্মিয়মান মথাউৰি পৰিদৰ্শনৰ

জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকাই পুঠিমাৰী নৈৰ নিৰ্মিয়মান মথাউৰি পৰিদৰ্শনৰ পিছতে উত্তপ্ত হৈ পৰিল বগৰীবাৰী অঞ্চল ।

ৰাইজৰ অভিযোগ অতি লেহেমীয়া আৰু নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি পুঠিমাৰী নৈৰ ভগ্ন মাঠাউৰি নিৰ্মাণৰ কাম চলিছে । কিন্তু জলসম্পদ মন্ত্ৰী পিযুষ হাজৰিকা আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই মথাউৰি পৰিদৰ্শন কৰিবলৈ অহা বাবে ঠিকাদাৰে ক্ষিপ্ৰতাৰে কাম কৰা দেখুৱাইছে ।

মন্ত্ৰীগৰাকীক অভিযোগ দিবৰ বাবে কোনো সুবিধা নোপোৱাত স্থানীয় ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে আৰু ঠিকাদাৰৰ দুগৰাকী ঘনিষ্ঠ যুৱকক জবাবদিহি কৰে। একাংশ উত্তেজিত ৰাইজে গতিয়াই ঠিকাদাৰৰ দুই ঘনিষ্ঠক । ৰাইজৰ ৰুদ্ৰমুৰ্তি দেখি দুই যুৱকে পলাই-পত্ৰং দিয়ে । পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।