ৰঙিয়াঃ বাইহাটা চাৰিআলিৰ এজন সফল ব্যৱসায়ী । ৩৫ বছৰ আগতে কেছা জলকীয়াৰে ব্যৱসায়ী জীৱন আৰম্ভ কৰা দিপ্তী ব্ৰহ্ম এতিয়া সফল ব্যৱসায়ী। নামনি অসমত বিভিন্ন ঠাইত হোটেল ব্যৱসায় আৰম্ভ কৰি অঞ্চলটোৰ প্ৰায় ১৫০ পৰিয়ালৰ উপাৰ্জনৰ উৎস হৈ পৰিছে দিপ্তী ব্ৰাহ্ম ।
ভিন্ন ঠাইত থলুৱা ভাতৰ হোটেল স্থাপন কৰি এতিয়া এজন সফল ব্যৱসায়ী হোৱাৰ লগতে নৱ প্ৰজন্মৰ এতিয়া প্ৰেৰণাৰ উৎস হৈ পৰিছে দিপ্তী ব্ৰাহ্ম।
বাইহাটা চাৰিআলিৰ চাংসাৰি আৰু ডোৰাকহৰাত দিপ্তী ব্ৰহ্ম ১নং বাজৈ হোটেলৰ লগতে নতুনকৈ সংযোগ হ’ল বাজৈ ফাষ্ট ফুডৰ নতুন বিপনি। বিভিন্ন খাদ্যৰ ব্যঞ্জনৰ সম্ভাৰেৰে নতুনকৈ আৰম্ভ কৰিছে এখন বিপনি।