জয়ন্ত মল্ল বৰুৱাৰ ফেচবুক প’ষ্টঃ ৰাজেন গোঁহাইক সন্যাস লবলৈ দিয়া পৰামৰ্শ সন্দৰ্ভত

গুৱাহাটীঃ বিজেপিৰ প্ৰবীণ নেতা ৰাজেন গোঁহাই দিল্লী পৰা উভতি নাহোঁতেই সুৰ সলনি হ’ল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ৷ বাজপেয়ী ভৱনত সংবাদ মাধ্যমৰ সন্মুখত বিজেপিৰ ৪ বাৰৰ সাংসদ তথা প্ৰাক্তন ৰাজ্যিক সভাপতি ৰাজেন গোঁহাইক সন্ন্যাস ল’বলৈ কৈ ৰাজেন গোঁহাইৰ ৰোষত পৰা জয়ন্ত মল্ল বৰুৱাই সামজিক মাধ্যমত ভুল নুবুজিবলৈ আহ্বান জনাই পোষ্ট দিছে ৷ যিটো পোষ্ট এতিয়া ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৷ৰাজেন গোঁহাইক সন্ন্যাস লৈ নাতিৰ সৈতে খেলিবলৈ মাত্ৰ দুদিন আগত পৰামৰ্শ দিছিল জয়ন্ত মল্ল বৰুৱাই ৷ এই কথাই বিজেপিৰ ভিতৰ চ’ৰাত তীব্ৰ আলোড়ন সৃষ্টি কৰিছিল ৷ তাৰ পিচতে ৰাজেন গোঁহায়ে তুলিছিল এক বিস্ফোৰক অভিযোগ । জয়ন্ত মল্ল বৰুৱাই ৰাজেন গোঁহাইক বাজপেয়ী ভৱনৰ পৰা গতিয়াই উলিয়াই দিবলৈ পৰামৰ্শ দিছিল বুলি গোঁহাইয়ে অভিযোগ উত্থাপন কৰিছিল ৷ তাৰ পিচতেই মুখ্যমন্ত্ৰীৰ অন্যতম ঘনিষ্ঠ জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে বিষোদ্গাৰ কৰি মুখ্যমন্ত্ৰীৰ অনুৰোধ মতে অমিত শ্বাহক লগ ধৰিবলৈ দিল্লীলৈ ৰাওনা হৈছিল ৰাজেন গোঁহাই ৷দিল্লীলৈ যোৱাৰ আগতে ৰাজেন গোঁহাইয়ে হুংকাৰ দি গৈছিল যে কোনে কাক গতিয়াই সময়ত দেখা যাব ৷ ইফালে দিল্লীত অমিত শ্বাহৰ সাক্ষাৎ এতিয়াও লাভ কৰা নাই ৰাজেন গোঁহাইয়ে ৷ বিপৰীতে জয়ন্ত মল্ল বৰুৱাই দোষ স্বীকাৰ নকৰিলেও সুৰ সলাই জ্যেষ্ঠজনক উদ্দেশ্যি ভুল নুবুজিবলৈ আহ্বান জনাইছে সামাজিক মাধ্যমত ৷ লগতে নিজে দোষ স্বীকাৰ নকৰি বিভিন্নজনে তেওঁৰ মন্তব্যক ভুল ব্যাখ্যা আগবঢ়োৱাৰ অভিযোগ তুলিলে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

জয়ন্ত মল্ল বৰুৱাৰ ফেচবুক প’ষ্টঃ