ৰাজ ভৰালৰ টকাৰে জনপ্ৰতিনিধিয়ে বিলাসী জীৱন যাপন বন্ধ কৰক।
জনসাধাৰণৰ সুৰক্ষা আৰু বিকাশৰ কৰ্ম আঁচনি গ্ৰহণ কৰাৰ দাবী কেন্দ্ৰীয় ট্ৰেড ইউনিয়নৰ ।
আই.এন.টি.ইউ.চি., এ.আই.টি.ইউ.চি., চি.আই.টি.ইউ.কে আদি কৰি কেন্দ্ৰীয় ট্রেড ইউনিয়ন আৰু স্বতন্ত্র তথা আঞ্চলিক ট্রেড ইউনিয়ন সমূহৰ যৌথ মঞ্চৰ আহ্বানত সমগ্ৰ দেশতে ১৯৪২ চনৰ ৯ আগষ্টৰ ভাৰত ত্যাগ আন্দোলনৰ সোঁৱৰণী অংশ স্বৰূপে সংগঠিত গণতান্ত্রিক আন্দোলনৰ কাৰ্যসূচী, শিৱসাগৰ জিলাতো আজি ৰূপায়ন কৰা হয়।
নগৰৰ অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছ স্থানৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক পুৰুষ-মহিলা, শ্রমিক সকলে বিভিন্ন শ্লগানেৰে শোভাযাত্ৰা কৰি জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কায্যসূচীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
প্রতিবাদী কাৰ্যসূচীত শ্রমিক নেতা পূর্ণকান্ত বুঢ়াগোঁহাই, মদন বৰুৱা, প্ৰণামী গগৈ, তুতুমনি বৰুৱাকে আদি কৰি বহু কেইজন নেতাই এই প্ৰতিবাদী কাৰ্যসূচীৰ দাবীচনদৰ ওপৰত বক্তব্য আগবঢ়ায়।
উল্লেখযোগ্য যে ২০২৩ চনৰ ৩০ জানুৱাৰীত দিল্লীত অনুস্থিত কেন্দ্রীয় শ্রমিক সংগঠন সমূহৰ সমন্বয় সমিতিৰ সিদ্ধান্ত মৰ্মে ভাৰত চৰকাৰে প্ৰতিবছৰে অনুষ্ঠিত কৰিব লগা ত্রিপাক্ষিক শ্রম সন্মিলন সময়মতে অনুস্থিত কৰা, শ্রমিক বিৰোধী শ্রম আইন বাতিল কৰা, কৃষক বিৰোধী কৃষি আইন বাতিলৰ শীঘ্ৰে কাৰ্যকৰী কৰা, ৰাজহুৱা খণ্ডৰ উদ্যোগ প্রতিষ্ঠান, অ’.এন.জি.চি., অইল, ৰেলৱে, বিমান পৰিবহন, বেংক, বীমা আৰু শিক্ষা বিভাগৰ দৰে বিভাগবোৰ ব্যক্তিগতকৰণ বন্ধ কৰা, অত্যাৱশ্যকীয় সামগ্ৰী আৰু জীৱন দায়িনী ঔষধৰ মূল্য নিয়ন্ত্ৰণ কৰা, নিবনুৱাৰ কৰ্ম সংস্থাপন আৰু চৰকাৰৰ বিভিন্ন বিভাগত নিয়োজিত মধ্যাহ্ন ভোজনৰ ৰান্ধনী, আশা আৰু অংগনবাদী কৰ্মী সকলক মাননীৰ পৰিৱৰ্তে মজুৰি প্ৰদান কৰাকে আদিকে ধৰি বিগত সময়ৰ কৰুণা অতিমাৰী পৰিৱেশত নির্বাচিত জনপ্রতিনিধি তথা তেওঁলোকৰ অনুগত পুঁজিপতি সকলৰ ধন সম্পত্তি অবাধ গতিত বৃদ্ধি পোৱা আৰু জনসাধাৰণৰ অৰ্থনৈতিক অৱস্থা সংকটপূৰ্ণ হোৱা বিষয়ত আক্ষেপ প্ৰকাশ কৰে।
প্ৰতিবাদী সভাত ভাৰতৰ কমিউনিষ্ট পার্টি অসম ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈ, শিৱসাগৰ জিলা কংগ্ৰেছৰ উপ-সভাপতি প্রবীণ বৰুৱা, ৱালিফ আহমেদ, নৰেন বৰুৱা প্ৰমূখ্যে ভালেকেইজন শ্রমিক নেতাই ভাৰত বৰ্ষৰ সংবিধান প্রদত্ত গণতন্ত্র, ধৰ্মনিৰপেক্ষতা আৰু সমতা স্থাপনৰ পৰিৱৰ্তে সাম্প্ৰতিকতাবাদৰ নীতিৰে বিভেদকামী পৰিৱেশ সৃষ্টি কৰি পুঁজিপতি সকলক বৰপীড়া পাৰি দি দেশৰ অখণ্ডতা, ধৰ্মনিৰপক্ষেতা আৰু বিকাশৰ সকলো পৰিৱেশ বিনষ্ট কৰিব বিচৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে।