বাইহাটা চাৰিআলি থানৰ অন্তৰ্গত জতিয়াভাঙ্গৰা গাঁৱৰ বলিন বৈশ্য আৰু পূৰ্ণিমা বৈশ্য ৰ জীয়াৰী পল্লবি বৈশ্য নিৰুদ্দেশ হৈ আছে।
প্ৰায় ১৯ বছৰীয়া পল্লবি বৈশ্য যোৱা বুধবাৰে মুক্তাপুৰ চকত মোবাইল চিম বনাব যাম বুলি ঘৰৰ পৰা প্ৰায় চাৰিটা মান বজাত ওলাই গৈছিল কিন্তু উভতি নাহিল ঘৰলৈ। ৪ দিন ধৰি নিৰুদ্দেশ হৈ আছে পল্লবী বৈশ্য।
যোৱা কালি বাইহাটা চাৰিআলিৰ আৰক্ষী থানাত এজাহাৰ দিয়ে যদিও এতিয়ালৈ সন্ধান নাই পল্লবিৰ। মাতৃৰ অভিযোগ অনুসৰি গাঁৱৰে ১৬ বছৰীয়া বিকাশ নামৰ লৰা এজনে পল্লবি নিৰুদ্দেশ হোৱাৰ এদিন আগত পল্লবিক ঘৰতে মুখত খোপা আৰু গলত তিপা মাৰি ধৰিছিল। যেনে তেনে তাৰ হাতৰ ৰক্ষা কৰি আহি পল্লবিয়ে ঘটনাটো ঘৰত কোৱাত মাক আৰু পল্লবি লৰাজনৰ ঘৰত সুধিব যোৱাৰ পাছত লৰা জনৰ মাতৃয়ে পল্লবিৰ মাতৃক ভয় ভাবুকি দিয়ে যে গুণ্ডা লগাই পল্লবিক অপহৰণ কৰিব। ৰহস্যৰ আঁৰত এতিয়া পল্লবি।