ছেপ্টেম্বৰ মাহৰ Bank Holidays: বেংকৰ কাম আছে যদি আজিয়েই কৰক, অহা মাহত আধাৰো বেছি দিন বেংক বন্ধ থাকিব

ডিজিটেল ডেক্স, গুৱাহাটী, ৩১/৮/২০২৩ঃ আৰবিআইৰ নিৰ্দেশনা অনুসৰি, সকলো প্ৰাইভেট আৰু ৰাজহুৱা খণ্ডৰ বেংক প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকে। ইয়াৰ লগতে সকলো দেওবাৰে বেংক বন্ধ থাকে। লগতে আঞ্চলিক বন্ধসমূহ প্ৰতিখন ৰাজ্যৰ ভিন ভিন হয়।

আৰবিআইৰ নিৰ্দেশনা অনুসৰি, সকলো প্ৰাইভেট আৰু ৰাজহুৱা খণ্ডৰ বেংক প্ৰতি মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰে বন্ধ থাকে। ইয়াৰ লগতে সকলো দেওবাৰে বেংক বন্ধ থাকে। লগতে আঞ্চলিক বন্ধসমূহ প্ৰতিখন ৰাজ্যৰ ভিন ভিন হয়।

আগন্তুক মাহত অৰ্থাৎ ছেপ্টেম্বৰত দেসৰ ভিন্ন ৰাজ্যৰ বেংকসমূহ প্ৰায় ১৬ দিন বন্ধ থাকিব। ছেপ্টেম্বৰ মাহৰ দ্বিতীয় আৰু চতুৰ্থ শনিবাৰৰ লগতে দেওবাৰসমূহো এই ছুটিৰ তালিকাত অন্তৰ্ভুক্ত থাকিব। ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াৰ ফালৰ পৰা সম্প্ৰতি ছেপ্টেম্বৰ মাহৰ এই চুটিৰ তালিকা প্ৰকাশ কৰা হৈছে।

আৰবিআইৰ নিৰ্দেশনাত কোৱা হৈছে যে সকলো লাজহুৱা খণ্ড, ব্যক্তিগত খণ্ড, বিদেশী আৰু সমবায় বেংক ৰাষ্ট্ৰীয় বন্ধৰ দিনত বন্ধ থাকিব। তাৰ লগতে অঞ্চলভিত্তিক উৎসৱৰ দিনবোৰত আঞ্চলিক ছুটিও থাকিব বেংকসমূহত। এই আঞ্চলিক ছুটিৰ দিনবোৰ সংশ্লিষ্ট ৰাজ্যৰ চৰকাৰে নিৰ্ধাৰণ কৰে। আগন্তুক মাহত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে বন্ধ থাকিব ৬ আৰু ৭ ছেপ্টেম্বৰত।

আকৌ ২৮ ছেপ্টেম্বৰত হৈছে ঈদ–এ–মিলাদ। সেই ছুটি অনুসৰি নিজৰ বেংকৰ কামৰ পৰিকল্পনা কৰাৰ বাবে গ্ৰাহকসকলক পৰামৰ্শ দিয়া হৈছে। অৱশ্যে সমগ্ৰ দেশৰ ইণ্টাৰনেট বেংকিং সেৱা আৰু এটিএমসমূহ খোলা থাকিব। চাওক আহক ছেপ্টেম্বৰত বেংকৰ ছুটীৰ তালিকা।

সকলো ৰাজ্যৰ ছেপ্টেম্বৰ মাহৰ বন্ধৰ তালিকা:

৩ ছেপ্টেম্বৰ : দেওবাৰ
৬ ছেপ্টেম্বৰ : শ্ৰীকৃষ্ণ জন্মাষ্টমী
৭ ছেপ্টেম্বৰ : জন্মাষ্টমী আৰু শ্ৰীকৃষ্ণ অষ্টমী
৯ ছেপ্টেম্বৰ : দ্বিতীয় শনিবাৰ
১০ ছেপ্টেম্বৰ : দেওবাৰ
১৭ ছেপ্টেম্বৰ : দেওবাৰ
১৮ ছেপ্টেম্বৰ : বৰসিদ্ধি বিনায়ক ব্ৰত আৰু বিনায়ক চতুৰ্থী
১৯ ছেপ্টেম্বৰ : গণেশ চতুৰ্থী
২০ ছেপ্টেম্বৰ : গণেশ চতুৰ্থী (দ্বিতীয় দিন) আৰু নুৱাখাই (ওড়িশা)
২২ ছেপ্টেম্বৰ : শ্ৰীনাৰায়ণ গুৰু সমাধি দিৱস
২৩ ছেপ্টেম্বৰ : চতুৰ্থ শনিবাৰ আৰু মহাৰাজা হৰি সিঙৰ জন্মদিন
২৪ ছেপ্টেম্বৰ : দেওবাৰ
২৭ ছেপ্টেম্বৰ : মিলাদ–ঈ–শৰিফ
২৮ ছেপ্টেম্বৰ : ঈদ–এ–মিলাদ অথবা ঈদ–এ–মিলাদুন্নবী
২৯ ছেপ্টেম্বৰ : ইন্দ্ৰযাত্ৰা আৰু ঈদ–এ–মিলাদ–উল–নবীৰ পিছৰ শুকুৰবাৰ (জম্মু আৰু কাশ্মীৰ)