ছত্তীশগড়ত সনাতন সংস্কৃতিৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ গোন্ধ পাইছে হিমন্ত বিশ্ব শৰ্মাই

News Desk: অসমৰ মুখ্যমন্ত্ৰী ড৹হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ছত্তীশগড়ত ভাৰতীয় জনতা পাৰ্টীৰ এক অনুষ্ঠানত অংশ গ্ৰহণ কৰে ৷ নিজৰ ভাষণত অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অভিযোগ কৰে যে কংগ্ৰেছ শাসিত ছত্তীশগড়ত “সনাতন সংস্কৃতি”ৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা হৈছে ।

তেখেতে, ৰাজ্যিক নিৰ্বাচনৰ পূৰ্বে ভাৰতীয় জনতা পাৰ্টিৰ ‘পৰিৱৰ্তন যাত্ৰা’ অভিযানৰ অংশ হিচাপে ছত্তীশগড়ৰ ভাটগাঁও বিধানসভা সমষ্টিত এক সভাত এই মন্তব্য কৰে ।

শৰ্মাই কয় যে বাঘেল ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছৰে পৰা ছত্তীশগড়লৈ ৰোহিংগীয়া শৰণাৰ্থীৰ (ম্যানমাৰৰ পৰা অহা শৰণাৰ্থী) আগমন আৰম্ভ হৈছিল। লগতে বাঘেলে অসমৰ কংগ্ৰেছ নেতাক ধন দি থকাৰ কথাও অভিযোগ উত্থাপন কৰে।

ভাৰতলৈ ৰহিংগীয়া শৰণাৰ্থীৰ আগমন বহু বছৰ ধৰি বিতৰ্কিত বিষয় হৈ আহিছে। ম্যানমাৰ চৰকাৰৰ অত্যাচাৰৰ সন্মুখীন হোৱা ম্যানমাৰৰ পৰা অহা মুছলমান সংখ্যালঘু গোটেই হৈছে ৰোহিংগীয়া। বৰ্তমান ম্যানমাৰৰ পৰা পলায়ন কৰি ভাৰতত আশ্ৰয় লৈছে বহু ৰোহিংগীয়া।

তেখেতে লগতে কয়, কংগ্ৰেছে শাসনত থকাৰ সময়ত বহু বাংলাদেশীক অবৈধভাৱে অসমত প্ৰৱেশৰ অনুমতি দিছিল। যাৰ ফলত “অসমত লাখ লাখ বাংলাদেশীয়ে বসবাস কৰি আছে ।” শৰ্মাই লগতে কয়, “ছত্তীশগড়তো ৰোহিংগীয়াৰ প্ৰৱেশ আৰম্ভ হৈছে ৷ ভূপেশ বাঘেলে কয় তেওঁ গো-মাতা (গৰু) পূজা কৰে কিন্তু আমি এইটো নিবিচাৰো । আমি বিচাৰো যে আপুনি হিন্দু আৰু হিন্দু ধৰ্মৰ প্ৰতি নিষ্ঠাবান বুলি কওক ।”

ইফালে ছত্তীশগড়ৰ সভাতে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আক্ৰমণৰ লক্ষ্য কৰি লয় ৰাহুল গান্ধীকো ৷ ৰাহুল গান্ধী আৰু তেওঁৰ মাতৃ ছোনিয়া গান্ধীক ৰাম লাল্লাৰ মন্দিৰলৈ গৈ নিজকে হিন্দু বুলি প্ৰমাণ দিবলৈ আহ্বান জনায় ৷ লগতে ৰাহুল গান্ধীক এতিয়াও সৰু হৈ থকা বুলি কটাক্ষ কৰে ড৹ শৰ্মাই ৷