চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে শিৱসাগৰ নগৰৰ লগতে দাঁতিকাষৰীয়া ৰাইজ।

শিৱসাগৰঃ শিৱসাগৰত বৃদ্ধি পাইছে চুৰি- ডকাইটিৰ ঘটনা। চোৰৰ উপদ্ৰৱত অতিষ্ঠ হৈছে শিৱসাগৰ নগৰৰ লগতে দাঁতিকাষৰীয়া ৰাইজ।

দৈনিক বৃদ্ধি পাইছে চুৰিকাণ্ড। চোৰে অৱলম্বন কৰিছে নিতৌ ন ন কৌশল।

শিৱসাগৰ চহৰৰ বিজি ৰোডত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ চুৰিকাণ্ড।

চোৰে ঘৰত প্ৰৱেশ কৰি টোপনিযুক্ত ঔষধ স্প্ৰে কৰি লুটিলে গৃহস্থক।

বি জি ৰোডৰ মাহমুদ হুছেইন কলনীৰ নিবাসী পিনাকী দাস গুপ্তা নামৰ অ’ এন জি চিৰ অৱসৰপ্ৰাপ্ত বিষয়া গৰাকীৰ ফ্লেটত এই ভয়ংকৰ চুৰি কাণ্ড। চোৰে গৃহস্থক অচেতন কৰি লুটি নিলে ৮ যোৰ পাট, সোণৰ খাৰু, সোণৰ বাউটী, লকেট, আঙুঠি, বিবাহৰ বাবে সাজু কৰি থোৱা সোণৰ গহণা।

আ- অলংকাৰৰ উপৰিও চুৰে গডৰেজৰ লকাৰ খুলি লুটপাট চলাই লৈ যায় ৫০-৬০ হেজাৰ নগদ ধন। এই সন্দৰ্ভত শিৱসাগৰ সদৰ থানাত পৰিয়ালটোৱে দাখিল কৰিছে এজাহাৰ।

এই ধৰণৰ ঘটনা এটা নহয়। ইতিমধ্যে শিৱসাগৰ নগৰত বহু কেইটা অনুৰূপ চুৰি কাণ্ড সংঘটিত হৈছে।

কাঠফুলাৰ দৰে গজি উঠা ডেম্প সমূহ হৈ পৰিছে এনে অপৰাধৰ অভিকেন্দ্ৰ।

কাৰোবাৰ যদি বাইক চুৰি হৈছে কাৰোবাৰ চুৰি হৈছে চিলিণ্ডাৰ। কাৰোবাৰ ঘৰৰ দমকল উঠাই নিছে, কাৰোবাৰ নিছে পানী মটৰ। এনে ঘটনা এমাহত এটা নহয়, বৰঞ্চ দৈনিক সংঘটিত হ’ব ধৰিছে। ইয়াৰ গুৰিতে আছে নগৰৰ লগতে নগৰৰ চৌপাশে গঢ়ি উঠা স্ক্ৰেপ আৰু ডেম্পসমূহ। এই ডেম্পসমূহে স্ক্ৰেপ সংগ্ৰহৰ বাবে নিয়োগ কৰে এচাম সন্দেহজনক নাগৰিকক। এই সংগ্ৰাহকবোৰে দৈনিক নগৰৰ লগতে নগৰৰ আশে-পাশে পি পিয়া দি ফুৰে। চিহ্নিত কৰে চুৰি সংঘটিত কৰিব পৰা ঘৰ-স্থান। তাৰ পাছত সংঘটিত হয় এনে ধৰণৰ কাণ্ড।

কিন্তু এই দিশত নিমাত-নিস্তব্ধ শিৱসাগৰ আৰক্ষী। ডেম্প সমূহৰ লগত আৰক্ষীৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপন হৈ আহিছে। যাৰবাবে কাচিম, অনিল, ৰাজমংগল, য়াকুব, মুবিন, নজিৰ, আদিৰ দৰে একাংশ ডেম্প ব্যৱসায়ী দৌৰাত্ম্য বৃদ্ধি পাইছে।