চেলেংহাট কুকুৰাচোৱাত শ্ৰীমন্ত শংকৰদেৱ জন্মোৎসৱৰ মহাৰজত জয়ন্তী সম্পন্ন

আমগুৰিঃ ১৯৪৮ চনতে প্ৰতিস্থিত “সদৌ লাহিং মৌজা শ্ৰীমন্তশঙ্কৰদেৱ জন্মোত্সৱ  সমিতি” কেৱল লাহিং মৌজাৰে নহয় যোৰহাট জিলাৰ ভিতৰতে এটি অতি পুৰণি আধ্যাত্মিক অনুষ্ঠান৷ এই অনুষ্ঠানটিয়ে প্ৰতিস্থা কালৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰু জনাৰ জন্মোৎসৱ ভাগী পালন কৰি আহিছে৷

এইবাৰ মহা ৰজত জয়ন্তী বৰ্ষত উপনীত হোৱা অনুষ্ঠানটিয়ে, অনুষ্ঠানটিৰ জন্ম স্থান কুকুৰাচোৱা গাঁৱৰ বৰ নামঘৰত উক্ত গাঁৱৰ সমূহ ৰাইজৰ আতিথ্যত দুদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে কালি আৰু আজি সম্পন্ন হয়।

প্ৰথম দিনা পুৱা উষা কীৰ্ত্তন, পতাকা উত্তোলন, প্ৰতিনিধি সভাৰ পিছতে বিদ্যালয় পৰ্য্যায়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন আৰু ৰচনা প্ৰতিযোগিতা  অনুষ্ঠিত হয়। ইয়াৰ পাছতেই অবিভক্ত শিৱসাগৰ জিলা ভিত্তিত অনুষ্ঠিত হব বৰগীত আৰু দিহানাম প্ৰতিযোগিতা অনুষ্ঠিত হয়।

আজি পুৱা  ভাগৱত ভ্ৰমণৰ বাৰেৰোহনীয়া সাংস্কৃতিক শুভাযাত্ৰাৰ পিছতেই  মৌজা সমিতিৰ সভাপতি কুশল বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখন উদ্ধোধন কৰে শিক্ষক ৰমাকান্ত গগৈয়ে। সভাত আদৰণি অভিভাষণ পাঠ কৰে উদযাপন সমিতিৰ সভাপতি প্ৰদীপ বৰুৱাই।

উক্ত সভাতেই বৰ্ণময় লিখনি সমৃদ্ধ পবিত্ৰ গগৈ আৰু বিদ্যুৎ গগৈ সম্পাদিত স্মৃতিগ্ৰন্থ  গ্ৰন্থ উন্মোচন কৰে কাশিনাথ পাত্ৰই। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে জাঁজী হেমনাথ শৰ্মা মহাবিদ্যালয় অসমীয়া বিভাগৰ অধ্যাপক ডঃ মণ্টু কুমাৰ বড়া, বিশিষ্ট অতিথি হিচাপে  শিক্ষক দেৱজিৎ গগৈ, সমাজকৰ্মী পল্লৱী গগৈকে ধৰি মৌজা সমিতিৰ জ্যেষ্ঠ উপদেষ্টা, প্ৰাক্তন সভাপতি সম্পাদক সকলকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে ১৯৪৮  চনতে সেই সময়ৰ বৰদোৱাৰ নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ প্ৰয়াত পূৰ্ণচন্দ্ৰ দেৱগোস্বামীৰ নেতৃত্বত সেই সময়ৰ স্থানীয় বহু কেইজন গন্যমান্য ব্যক্তিৰ সহযোগত চেলেংহাট কুকুৰাচোৱা গাঁৱতে আৰম্ভ কৰা জন্মোৎসৱ ভাগ পুনৰ ৭৫ বছৰ মুৰত মহাৰজত জয়ন্তী বৰ্ষ একে স্থানতে আয়োজন কৰিবলৈ পায় উৎফুল্লিত হৈ পৰে কুকুৰাচোৱা গাঁও বাসী ৰাইজ।