চেলেংহাটৰ দৰিদ্ৰ পৰিয়ালক ঠগি প্ৰৱঞ্চকে কৌশলেৰে এটিএমৰ পৰা লুটি নিলে ৩৮ হাজাৰ টকা। আৰক্ষীক এজাহাৰ দাখিল সৰ্বস্বান্ত পৰিয়ালৰ।
যোৰহাট জিলাৰ মৰিয়নী বিধানসভা সমষ্টিৰ পূব লাহিং গাঁও পঞ্চায়ত এলেকাৰ কলিয়াপানী আদর্শ গাওঁৰ এজন দৰিদ্ৰ ব্যক্তিৰ এটিম কাৰ্ড কৌশলেৰে হস্তান্তৰ কৰি এটা প্ৰৱঞ্চকে চৰকাৰী বাসগৃহৰ তৃতীয় কিস্তিৰ ধন একাউন্টৰ পৰা উলিয়াই নিয়ে।
জানিব পৰা মতে কলিয়াপানী আদর্শ গাঁওৰ বুলু দাস নামৰ ব্যক্তি জনৰ চৰকাৰী আবাস গৃহ তৃতীয় কিস্তিৰ ধনৰ দহ হাজাৰ টকা ০৩ জুলাইত জগদুৱাৰস্থিত ষ্টেট বেংক এটিএমৰ পৰা উলিয়াবলৈ যাওঁতে এজন ব্যক্তিয়ে সহায় কৰাৰ আচিলাৰে দহ হাজাৰ টকা উলিয়াই দিয়াৰ লগতে কৌশলেৰে এটিএম কাৰ্ডখন সলাই নিয়ে।
উল্লেখযোগ্য যে উক্ত ব্যক্তিজনৰ টীয়ক ষ্টেট বেংকৰ একাউণ্টত আবন্তিত গৃহৰ তৃতীয় কিস্তিৰ ৪৮,৫০০ টকা জমা হৈছিল। বুলু দাসে ০৪ জুলাই বিয়লি এটিএমলৈ আহি একাউণ্টত পইচা নথকাত উক্ত প্ৰবঞ্ছনাৰ কথা জানিব পাৰে আৰু সেই বিষয়ে টীয়ক ষ্টেট বেংক কতৃপক্ষক অৱগত কৰে।
ইতিমধ্যে বুলু দাসে টীয়ক আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ লগতে উক্ত সমগ্র ঘটনা গাঁও পঞ্চায়তকে ধৰি চেলেংহাট উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াক অৱগত কৰিছে।