আজি চেলেংহাটৰ টেঙাবাৰীত অনুষ্ঠিত ভাওনা কৰ্মশালাৰ সামৰনি অনুষ্ঠান সম্পন্ন হ’য়।
সমাজৰ ধৰনীস্বৰূপ নৱ প্ৰজন্মক পাঠ্যপুথিৰ শিক্ষাৰ লগতে অসমীয়া ভাষা আৰু সংস্কৃতিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ স্বাৰ্থৰে যোৰহাট জিলাৰ চেলেংহাটৰ টেঙাবাৰী গাঁৱৰ যুৱ সমাজৰ উদ্যোগত অসমৰ আগশাৰী ভাওনা দল ‘মনিকাঞ্চন ভাওনা দল’ৰ সহযোগত টেঙাবাৰী গাঁৱৰ নামঘৰত যোৱা ৬ জুলাই পৰা আৰম্ভ কৰা ১২দিনীয়া মাতৃভাষাৰ ভাওনা কৰ্মশালাৰ সামৰনি অনুষ্ঠান সম্পন্ন হয়।
গাঁৱৰ জেষ্ঠ ব্যক্তি গিৰিশ বড়া, অতুল গগৈ য়ে বন্তি প্ৰজ্বলন কৰি আৰম্ভ কৰাৰ পাছতেই সমুহীয়া প্ৰাৰ্থনা আৰু প্ৰশিক্ষাৰ্থী সকলে কৰ্মশালাত আয়ত্ব কৰা বিভিন্ন কলা প্ৰদৰ্শন কৰে।
যুৱ সমাজৰ ব্যৱস্থাপক তথা যোৰহাট জিলাৰ ছাত্ৰ সন্থাৰ উপ সভাপতি পৰীক্ষিত ফুকনে আঁত ধৰা অনুষ্ঠানত প্ৰশিক্ষক সৌৰভ শইকীয়া, পলাশ শইকীয়া, ৰাজীৱ গগৈ, নয়নমনি খনিকৰ, চেলেংহাট প্ৰেছ ক্লাৱৰ সভাপতি মদন মোহন পাগবন্ধা, চেলেংহাট প্ৰেছ ক্লাৱৰ সম্পাদক অনুৰাগ শইকীয়া প্ৰেছ ক্লাবৰ সাংস্কৃতি সম্পাদক দেৱবিকাস দত্ত উপস্থিত থাকে।
কৰ্মশালাভাগী আয়োজন কৰাৰ বাবে মনিকাঞ্চন ভাওনা দলৰ সাধাৰণ সম্পাদক সৌৰভ শইকীয়াই ব্যৱস্থাপক পৰীক্ষিত ফুকন, মানস গগৈ, বিদ্যুৎ গগৈ, ৰুবুল বড়া আৰু অসীম গগৈক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলক এখনকৈ প্ৰমাণ পত্ৰ প্ৰদান কৰে উদ্যোক্তা সকলে।