চুবুৰীয়া ৰাজ্যলৈ বিয়পিছে মণিপুৰৰ সংঘৰ্ষ: ২৪ ঘন্টাৰ ভিতৰত মেইটেই সকলক মিজোৰাম ত্যাগৰ সকীয়নি

মণিপুৰত অব্যাহত থকা হিংসাত্মক ঘটনা সম্প্ৰতি ক্ৰমাৎ প্ৰসাৰিত হৈছে চুবুৰীয়া ৰাজ্য মিজোৰামলৈ।

ফলস্বৰূপে মিজোৰামত বসবাস কৰা মণিপুৰৰ মেটেইসকলক ২৪ ঘন্টাৰ ভিতৰত মিজোৰাম ত্যাগৰ শেষ সকীয়নি দিলে এম এন এফ শান্তি চুক্তি ৰিটাৰ্ণীজ এছ’চিয়েশ্যনৰ প্ৰাক্তন কেডাৰসকলে ।

মিজো নেচেনেল ফ্ৰণ্টৰ এমএনএফ ৰিটাৰ্ণীজ এছ’চিয়েশ্যনৰ (Peace accord MNF returnees Asssociation) পূৰ্বৰ আণ্ডাৰগ্ৰাউণ্ড প্ৰাক্তন কেডাৰসকলে শুকুৰবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে মিজোৰামত থকা মণিপুৰৰ মেটেইসকলক মিজোৰাম ত্যাগ কৰিবলৈ আহ্বান জনাইছে ।

মিজো ভাষাত লিখা এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে এছ’চিয়েশ্যনৰ তৰফৰ পৰা বৰ্তমান মণিপুৰৰ হিংসাত্মক পৰিস্থিতি অধিক উত্তেজিত হোৱাৰ লগে লগে তেওঁলোকে মিজোৰামত বাস কৰা মেটেই সম্প্ৰদায়ক গুচি যাবলৈ কয় ৷ পৰৱৰ্তী সময়ত কোনো পৰিস্থিতিতে তেওঁলোকৰ দায়িত্ব লোৱা নহ’ব বুলিও বিজ্ঞপ্তিখনত উল্লেখ কৰা হয় ।

প্ৰেছ বিজ্ঞপ্তি খনত লগতে উল্লেখ কৰে যে যদি কোনো লোকে মিজোৰামত থাকিব বিচাৰে তেন্তে তেওঁলোকৰ দায়িত্ব মিজোৰামৰ নহয় । উল্লেখ্য যে সামূহিকভাৱে কুকি নামেৰে জনাজাত কুকি-হমাৰ-জোমি-মিজো সম্প্ৰদায়সমূহে মিজোসকলৰ সৈতে জাতিগত সম্পৰ্ক আছে ৷

উল্লেখ্য যে, মণিপুৰত গোষ্ঠিগত হিংসা আৰম্ভ হোৱাৰ পাছত বহু হেজাৰ মেইটেই লোকে মিজোৰামত আশ্ৰয় লৈ আছে। মিজোৰামৰ গৃহ বিভাগৰ তথ্য অনুসৰি ১৬ জুলাইলৈকে মণিপুৰৰ পৰা মুঠ ১১,৩২৮ জন স্থানচ্যুত লোক মিজোৰামত প্ৰৱেশ কৰি আশ্ৰয় লৈ আছে । মণিপুৰৰ ৰাজ্যপালৰ তথ্য অনুসৰি ৰাজ্যখনত বৰ্তমানেও ৫ হাজাৰৰ অধিক লোকে বিভিন্ন আশ্ৰয় শিবিৰত আশ্ৰয় লৈ আছে প্ৰায় ১৫০ৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে বহু হাজাৰ লোক গৃহহীন হয় ।

সমগোত্ৰীয় কুকিসকলৰ ওপৰত নৃশংস হত্যা, ধৰ্ষণ চলোৱা অত্যাচাৰৰ তথ্য পোহৰলৈ অহাৰ পিছত ক্ষোভিত হৈ পৰিছে মিজোসকল।