চিৰাঙৰ বিজনীত ভেকচিনেই কাল হ’ল এটি ডেৰ বছৰীয়া শিশুৰ।

বিজনীঃ চিৰাঙৰ বিজনীত ভেকচিনেই কাল হ’ল এটি ডেৰ বছৰীয়া শিশুৰ।

ভেকচিন দিয়াৰ পিছতেই আকষ্মিকভাৱে মৃত্যুক আঁকোৱালি ল’লে বিজনীৰ বাগৰগাঁৱৰ লাহাতিপাৰা নিবাসী প্ৰদীপ ৰায়ৰ ডেৰ বছৰীয়া কণমানি পুত্ৰ কাব্যজ্যোতি ৰায়ে ।

ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ ফলত কণমানি শিশুটিৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য বুধবাৰে দুপৰীয়া লাহাতিপাৰা বজাৰ কাৰ্যালয়ত শিশুটিক দিয়া হৈছিল ভেকচিন।

ভেকচিন দিয়াৰ পিছত বিয়লিৰ ভাগত শিশুটি ঠিকেই আছিল যদিও নিশাৰ ভাগত শিশুটিৰ জ্বৰ আৰু বমি হ’বলৈ ধৰে।

এই সন্দৰ্ভত বৃহস্পতিবাৰে পুৱাৰ ভাগত স্থানীয় আশা কৰ্মী আৰু ANM নাৰ্ছ পূৰ্ণিমা বসুমতাৰীক অৱগত কৰোৱাত তেওঁলোকে শিশুটিক হাস্পতাললৈ লৈ যোৱাৰ পৰামৰ্শ দিয়ে।

পৰিয়ালৰ লোকে শিশুটিক ভেটাগাঁও সামূহিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱাৰ পিছত কৰ্তব্যৰত চিকিৎসকে উন্নত চিকিৎসাৰ বাবে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে শিশুটিক।

পৰিয়ালৰ লোকে এম্বুলেঞ্চৰ জৰিয়তে শিশুটিক বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ নিয়াৰ পথত শিশুটিৰ মৃত্যু হয় ।

ANM নাৰ্ছ পূৰ্ণিমা বসুমতাৰীৰ গাফিলতিৰ বাবেই শিশুটিৰ মৃত্যু হোৱা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

শিশুটিক অতি কম সময়ৰ ব্যৱধানত তিনিটাকৈ ভেকচিন দিয়াৰ বাবে শিশুটি মৃত্যু মুখত পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজ আৰু পৰিয়ালৰ লোকে।

ঘটনা সন্দৰ্ভত বৃহস্পতিবাৰে নিশাৰ ভাগত উলুবাৰী উপ- স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক তথা ভাৰপ্ৰাপ্ত বিষয়া আৰ্শাদ আনমসহ স্বাস্থ্য বিভাগৰ এটা দল দুৰ্ভগীয়া পৰিয়ালটোৰ ঘৰত উপস্থিত হৈ ঘটনাৰ বুজ লয়।

এই সংক্ৰান্তত স্থানীয় লোকে চিকিৎসকৰ দলটোক বিভিন্ন প্ৰশ্নৰে জবাবদিহি কৰে।