চিৰাঙৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত অব্যাহত আছে বন্যহস্তীৰ উপদ্ৰৱ।
কাষৰীয়া সংৰক্ষিত মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰতি নিশাই ওলাই অহা বন্যহস্তীয়ে গাঁও সমূহত প্ৰৱেশ কৰি গঞাৰ বিস্তৰ ক্ষতিসাধন কৰি আহিছে।
মঙলবাৰে নিশা ৰাষ্ট্ৰীয় উদ্যান খনৰ পৰা ওলাই অহা এজাক বন্যহস্তীয়ে ১ নং দক্ষিণ মাক্ৰা গাঁওত প্ৰৱেশ কৰি গাঁওখনৰ নিৱাসী কৃষক মঙল চন্দ্ৰ দাসৰ বাসগৃহ, ৰান্ধনী গৃহ ভাঙি লণ্ডভণ্ড কৰে।
বন্যহস্তীয়ে কৃষক মঙল চন্দ্ৰ দাসৰ ধানৰ ভঁৰাল ভাঙি ধান খাই বিস্তৰ ক্ষতিসাধন কৰে।
একেদৰে বন্যহস্তীয়ে গাঁওখনৰ নিৱাসী কৃষক জয়কুমাৰ দাস, গাঁওবুঢ়া শ্যামলাল মণ্ডল আৰু শ্ৰমিক বৰুন দাসৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে।