চিকিৎ‍সক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে দ্বিতীয়খন অভিযোগনামা দাখিল…

শিশু নিৰ্যাতনকাৰী চিকিৎ‍সক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে দ্বিতীয়খন অভিযোগনামা দাখিল কৰা হয়।

পল্টন বজাৰ থানাৰ 201/2023 নম্বৰৰ গোচৰটোৰ ভিত্তিত দাখিল কৰা হৈছে এই অভিযোগনামা । ৩ দিনৰ পূৰ্বে প্রথমটো অভিযোগনামা দাখিল কৰা হৈছিল ড. সংগীতা দত্তৰ বিৰুদ্ধে । প্রথমটো গোচৰৰ আদালতত পঞ্জীয়ন নম্বৰ 117/23 । বৃহস্পতিবাৰে ভিডিঅ’ কনফাৰেন্সযোগে শুনানিত উপস্থিত থাকে সংগীতা দত্ত ।

এইবাৰ দুয়ো পতি-পত্নীৰ বিৰুদ্ধে পৃথক-পৃথক আইনৰ ১২ টাকৈ ধাৰা আৰোপ কৰা হৈছে ।

POCSO আইনৰ ৬ নং ধাৰা আৰোপ হৈছে দুয়োৰে বিৰুদ্ধে । বনকৰা যুৱতী লক্ষী ৰয়ৰ বিৰুদ্ধে IPC 307, 325, 326, 341 আৰু 506 ধাৰা আৰোপ কৰা হৈছে । ইয়াৰ বিপৰীতে, সংগীতা দত্তৰ ব্যক্তিগত সহায়িকা উৎ‍পলা বসুৰ বিৰুদ্ধে শিশু ন্যায়িক আইনৰ 370(5)/80 ধাৰা আৰোপ কৰা হৈছে ।

উল্লখ্য যে চিকিৎ‍সক দম্পতীৰ বিৰুদ্ধে তুলনীয়া পুত্ৰ ও কন্যা সন্তানক শাৰিৰিক অত্যাচাৰৰ কৰাৰ অভিযোগ । এই অভিযোগৰ ভিত্তিতে পতি-পত্নী উভয়ে কাৰাগাৰত কাৰাবাস খাটি আছে ।