চিকিৎসক দম্পতীৰ ন-ন তথ্য পোহৰলৈঃ ১ লাখ টকাৰ বিনিময়ত ক্ৰয় কৰিছিল নৱজাতকক

চিকিৎসক দম্পতী সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰা অভিযোগনামাৰ পিছতেই পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। শুকুৰবাৰে দাখিল কৰা দ্বিতীয়খন অভিযোগনামাত নতুন বিস্ফোৰক তথ্য পোহৰলৈ আহিছে চিকিৎসক দম্পতীৰ বিৰুদ্ধে।

অভিযোগনামা অনুসৰি, চিকিৎসক দম্পতীয়ে অবৈধভাৱে ক্ৰয় কৰিছিল নিজ সন্তান বুলি পৰিচয় দিয়া দুই শিশুক। জি এম চি এইছৰ পৰা ক্ৰয় কৰিছিল দুই নৱজাতকক। পূৰ্বৰে পৰা ড.দম্পতীয়ে যমজ সন্তান বুলি দাবী কৰা অহা দুয়োটা শিশুয়েই বেলেগ বেলেগ মাতৃৰ বুলি শুকুৰবাৰৰ অভিযোগনামাত প্ৰকাশ পাইছে।

ড. সংগীতা দত্তৰ বক্তিগত সহায়িকা তথা ঘটনাৰে জড়িত অন্যতম অভিযুক্ত উৎপলা বসুৱে দুই সন্তান যোগান ধৰিছিল চিকিৎসক দম্পতীক। ১ লাখ টকাৰ বিনিময়ত দুই শিশুক চিকিৎসক দম্পতীৰ হাতত গতাই দিছিল উৎপলা বসুৱে। উল্লেখ্য যে, অভিযুক্ত চিকিৎসক দম্পতীয়ে ভুৱা জন্মৰ প্ৰমাণপত্ৰ উলিয়াই দুই সন্তান নিজৰ বুলি দাবী কৰি আহিছিল।