চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ।
শিৱসাগৰঃ চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা, চাহ শ্ৰমিক সকলক ভূমিপট্টা প্ৰদান কৰা, গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাস যোজনাত হোৱা দুৰ্নীতিৰ তদন্ত কৰাকে ধৰি বহুকেইটা দাবীত অৱস্থান ধৰ্মঘট কৰে চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে।
সমিতিৰ শতাধিক কৰ্মী তথা বিষয়ববীয়াই হাতে হাতে প্লে-কাৰ্ড লৈ অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে।
তদুপৰি শিৱসাগৰ জিলাৰ কেইবা ঠাইতো গাওঁ পঞ্চায়তৰ একাংশ বিষয়ববীয়াই চৰকাৰী ঠিকা লৈ লুণ্ঠন চলোৱা বুলি ক্ষোভ প্ৰকাশ কৰে সমিতিয়ে।