উল্লেখ্য ,ধূপধৰাৰ মাৰিয়ামপুৰত এগৰাকী বৃদ্ধাৰ আদ্যশ্ৰাদ্ধত ভোজভাতৰ লগত চালানী মাছ খাই অসুস্থ হৈ পৰিছিল বহু কেইগৰাকী লোক।তাৰ মাজত আছিল কেইবাগৰাকীও শিশু আৰু মহিলা। তাৰ মাজৰে অসুস্থ ৰেনুবালা এ চাংমা নামৰ মহিলাগৰাকীৰ নিশা মৃত্যু হয়। অসুস্থ লোকসকলৰ ভিতৰত ৰেনুবালা চাংমাকে ধৰি মুঠ ৪ জনক বুধবাৰে আই চি ইউত ভৰ্তি হৈছিল।ইয়াৰে ৫৩ বছৰীয়া ৰেনুবালা চাংমাৰ মৃত্যু হোৱাত এতিয়া সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰাৰ সমান্তৰালকৈ পুনৰ চাঞ্চল্য সৃষ্টি হৈছে। ইফালে আই চি ইউত থকা বাকী ৩ গৰাকী লোকৰো অৱস্থা সংকটমুক্ত নহয়।