চামগুৰি ক্রীড়া সন্থাৰ উদ্যোগত আয়োজিত বিনামূলীয়া ক্ৰীড়া প্ৰশিক্ষণ শিৱিৰৰ সামৰণি

আমগুৰিঃ যোৱা ৭ আগষ্ট, ২০২৩ তাৰিখৰ পৰা চামগুৰি ক্রীড়া সন্থাৰ উদ্যোগত, চামগুৰি হাইস্কুল খেল পথাৰত আৰম্ভ হোৱা বিনামূলীয়া ক্ৰীড়া প্ৰশিক্ষণ শিৱিৰৰ ইতিমধ্যে আনুষ্ঠানিক ভাৱে সামৰণি পৰিছে ।

চামগুৰি ক্ৰীড়া সন্থাৰ সভাপতি শশাঙ্ক গগৈয়ে পৌৰোহিত্য কৰা এই শিৱিৰৰ সামৰণি অনুষ্ঠানৰ আঁত ধৰে সম্পাদক মুজিদ আলিয়ে । চামগুৰি ক্ৰীড়া সন্থাৰ সকলো বিষয়-ববীয়া, শিৱসাগৰ জিলা পৰ্যায়ৰ একাংশ ক্ৰীড়া প্ৰতিনিধিৰ লগতে স্থানীয় ৰাইজ এই সামৰণি অনুষ্ঠানটোত উপস্থিত থাকে ।

দহ দিন জোৰা এই প্ৰশিক্ষণ শিৱিৰৰ অন্তত অনুষ্ঠিত এই চমু কাৰ্যসূচীৰ সম সাময়িকভাৱে, অভিভাৱকসকলৰ উপস্থিতিত তিনি শতাধিক প্ৰশিক্ষাৰ্থীয়ে নিজা কলা-কৌশল প্ৰদৰ্শনেৰে প্ৰদৰ্শনীমূলক ফুটবল, কাবাডী আৰু এথলেটিকচৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰে ।

সমগ্ৰ অনুষ্ঠানটিত ফুটবল, কাবাডী আৰু এথলেটিকচৰ বিভাগৰ সকলো প্ৰশিক্ষক, সহযোগীসকলে অতি নিষ্ঠাসহ সকলো দিশতে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হ’ল । দহ দিন জোৰা এই বিনামূলীয়া শিৱিৰত অংশ গ্ৰহণ কৰা সকলো ব্যক্তিৰে কষ্ট-ত্যাগ অকপটে স্বীকাৰ কৰি শলাগৰ শৰাই আগবঢ়ায় চামগুৰি ক্ৰীড়া সন্থাই।

এই বিনামূলীয়া শিৱিৰ অন্ত হোৱাৰ পৰাই দীৰ্ঘকালীন কাৰ্যসূচীৰে, ন ন চিন্তা- পৰিবেশ-পৰিসৰৰ মাজেৰে প্ৰশিক্ষণ শিৱিৰটি আগবঢ়াই নিয়া হ’ব । এই ক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে ক্ৰীড়া সন্থাৰ বিষয়-ববীয়াসকলে ।