ঘৰৰ পকীবেৰ ভাঙি শিশুৰ কৰুণ মৃত্যু

ঘৰৰ চৌহদত দিয়া পকী বেৰ ভাঙি পৰি শুকুৰবাৰে সন্ধিয়া বাইহাটা চাৰিআলি আৰক্ষী থানাৰ অন্তৰ্গত ক্ষুদ্ৰ পলহাত এটি প্ৰায় চাৰি বছৰীয়া শিশুৰ কৰুণ মৃত্যু হয়।

জানিব পৰা মতে ক্ষুদ্ৰ পলহা গাঁৱত ভাৰাতীয় হিচাপে বাস কৰি থকা আজিজৰ ৰহমান আৰু জুপিতৰা বেগমৰ একমাত্ৰ পুত্ৰ সন্তান জুবাইৰ ৰহমানে আজি সন্ধিয়া প্ৰায় ৪-৩০ বজাত ঘৰৰ সমীপত থকা এটা বাসগৃহৰ চৌহদৰ বেৰত উঠিবলৈ চেষ্টা কৰোতে পকী বেৰখনৰ ওপৰৰ অংশৰ ইটা খহি আহি শিশুটোৰ ওপৰত বাগৰি পৰে। যাৰ ফলত বুকুৰ লগতে শৰীৰৰ বিভিন্ন অংশত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কনমানি শিশু জুবেইৰ।

শিশুটিক উদ্ধাৰ কৰি ততাতৈয়াকৈ হস্পতাললৈ লৈ যোৱা হ’য় যদিও গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত কনমানি জুবাইৰ ৰহমানৰ হাস্পতাললৈ নিয়াৰ পথতে মৃত্যু হয়।

উক্ত শোকাৱহ ঘটনাত ক্ষুদ্ৰ পলহাৰ লগতে গোগ গাঁৱটো শোকৰ ছাঁ পৰিছে। 

Leave a Reply

Your email address will not be published. Required fields are marked *