৩ ঘণ্টা ধৰি জি আৰ পি উপস্থিত নোহোৱাত ক্ষোভ আত্মীয়ৰ।
ৰেল বিভাগৰ চূড়ান্ত হেমাহীৰ বাবে নিহত যুৱকজন।
ঘগ্ৰাপাৰঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰেল ষ্টেচনত ৰেলৰ খুন্দাত আজি এজন যুৱক নিহত হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ দীৰ্ঘদিনৰ পৰা ৰেল বিভাগৰ চূড়ান্ত হেমাহীৰ বাবে এনেদৰে সঘনাই দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ ৰাইজৰ৷
জানিব পৰা মতে যুৱকজনে গুৱাহাটীৰ পৰা আহি ঘগ্ৰাপাৰত ৰেলপথ পাৰ হ’ব লওঁতেই নামনিমুৱা এখন ট্ৰেইনে খুন্দিওৱাৰ ফলত যুৱকজন ঠিতাতে নিহত হয়৷ নিহত যুৱকজন ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত নামশালা গাঁৱৰ নৰেশ্বৰ ভট্টৰ একমাত্ৰ পুত্ৰ কৌশিক শৰ্মা (২৬) বুলি জানিব পৰা গৈছে ৷
দিনৰ প্ৰায় ৩ বজাত ঘটনাটো সংঘটিত হয় যদিও ৭ বজা পৰ্যন্ত ৰেল বিভাগৰ কোনো বিষয়া তথা জি আৰ পি ৰ লোক উপস্থিত হোৱা নাই ৷ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ আৰক্ষী লগে লগে উপস্থিত হৈ পৰিস্থিতি স্বম্ভালি আছে যদিও ৰেল বিভাগৰ হেমাহীত আত্মীয়সকল উত্তেজিত হৈ পৰিছে ৷
স্থানীয় লোকৰ মতে ৰেল বিভাগৰ চূড়ান্ত হেমাহীৰ ফলতে এনে ঘটনা সংঘটিত হ’ব পাইছে ৷ ঘগ্ৰাপৰীয়া ৰাইজে ঘগ্ৰাপাৰত ইপাৰ সিপাৰ হোৱাৰ বাবে এটি বিকল্প পথ বা এখন উৰণীয়া সেতুৰ দাবী বাৰম্বাৰ উত্থাপন কৰি আহিছে যদিও ৰেল বিভাগৰ উচ্চপদস্থ বিষয়াসকলে কোনো গুৰুত্ব দিয়া নাই ৷ যাৰ ফলত প্ৰায়ে এনে ঘটনা সংঘটিত হৈ আহিছে ৷