ঘগ্ৰাপাৰত বিদ্যালয় একত্ৰিত কৰণক লৈ ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱকৰ প্ৰতিবাদ ।
আন্তঃগাঁথনি উন্নয়নৰ ভয়ত চৰকাৰে বিদ্যালয় বন্ধ কৰাৰ অভিযোগ ।
নলবাৰী জিলাৰ ঘগ্ৰাপাৰত অৱস্থিত বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত কঞাজেনী মিলন প্ৰাথমিক বিদ্যালয় খনক অন্য বিদ্যালয়ৰ লগত একত্ৰিত কৰাক লৈ আজি দিনৰ ১১ বজাত খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক প্ৰতিবাদ সাব্যস্ত কৰে ৷
বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক – অভিভাবিকাসকল ৰাতিপুৱা বিদ্যালয়লৈ গৈ বিদ্যালয়খন বন্ধ অৱস্থাত দেখা পাই জানিব পাৰে যে এই বিদ্যালয়খন ডেৰ কিলোমিটাৰ দূৰত্বৰ নিজখগটা প্ৰাথমিক বিদ্যালয়ৰ লগত একত্ৰিত কৰা হৈছে ৷
এই খৱৰ লাভ কৰি অভিভাৱকসকল খৰ্গহস্ত হৈ পৰে আৰু লগে লগে তেওঁলোকে আহি খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ বড়িগোগ বনভাগ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰাজেন্দ্ৰ কলিতাক অভিভাৱকসকলে প্ৰশ্ন কৰে যে বিদ্যালয়খনৰ ১ কিলোমিটাৰ ব্যসাৰ্ধৰ ভিতৰত অন্য কোনো বিদ্যালয় নথকাৰ লগতে পৰ্যাপ্ত ছাত্ৰ ছাত্ৰী থকাৰ পিছতো কিয় বিদ্যালয় খন বন্ধ কৰি আন বিদ্যালয়ৰ লগত একত্ৰিত কৰা হ’ল ৷
লগত আন্তঃগাঁথনি উন্নয়নৰ ভয়ত চৰকাৰে বিদ্যালয়সমূহ এনে দৰে বন্ধ কৰাৰ দৰে হঠকাৰী সিদ্ধান্ত লোৱা বুলিও অভিভাৱকসকলে প্ৰশ্ন কৰে ৷ শেষত শিক্ষা বিষয়া গৰাকীয়ে বিদ্যালয়খন বৰ্তমান চলি থাকিব আৰু এই বিষয়ে ওপৰৰ বিষয়াসকলৰ লগত যোগাযোগ কৰি সিদ্ধান্ত ল’ব বুলি আশ্বাস দিয়াত প্ৰতিবাদকাৰী সকল শান্ত হয় ৷
প্ৰতিবাদকাৰী সকলে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰি ৭ দিনৰ ভিতৰত কঞাজেনী মিলন প্ৰাথমিক বিদ্যালয় একত্ৰিতকৰণৰ সিদ্ধান্ত বাতিল কৰাৰ দাবী জনাই ৷