ঘগ্ৰাপাৰত নিজৰ বিদ্যালয় ঘুৰাই বিচাৰি কণ কণ ছাত্ৰ ছাত্ৰীৰ শিক্ষা বিভাগৰ কাৰ্যালয় ঘেৰাও

কঞাজেনী মিলন প্ৰাথমিক বিদ্যালয় একত্ৰীকৰণৰ তীব্ৰ প্ৰতিবাদ ।

খণ্ড প্ৰাথমিক শিক্ষা বিষয়াই পলায়ন কৰাৰ অভিযোগ।

হাতে হাতে প্লে কাৰ্ড লৈ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকৰো প্ৰতিবাদ ।

শিক্ষা বিভাগ হায় হায় , আমাৰ বিদ্যালয় ঘূৰাই দিয়ক , ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ খেলা নেখেলিব আদি শ্লোগান ।

নলবাৰী জিলাৰ বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তৰ্গত কঞাজেনী মিলন প্ৰাথমিক বিদ্যালয়খনক একত্ৰিতকৰণ কৰাৰ বিৰুদ্ধে আজি দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদত নামিল ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল ৷ নিজ স্কুললৈ আহি তাৰ পৰা পোনে পোনে ছাত্ৰ ছাত্ৰীসকলে আহি বড়িগোগ বনভাগ শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখন আহি এক প্ৰতিবাদ সাব্যস্ত কৰে ৷

কঞাজেনী মিলন প্ৰাথমিক বিদ্যালয়খন বহু দূৰৰ নিজখগতা প্ৰাথমিক বিদ্যালয়ৰ লগত সংলগ্ন কৰি দিয়াত কণ কণ ছাত্ৰ ছাত্ৰীসকল নিজ বিদ্যালয়খন ঘূৰাই বিচাৰি হাতে প্লে কাৰ্ড লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকৰ মতে এখন বিদ্যালয়ৰ বাবে নিৰ্দিষ্ট সংখ্যক ছাত্ৰছাত্ৰীৰ লগতে অন্যান্য চৰ্তাৱলী সম্পূৰ্ণ হোৱাৰ পিছতো কি কাৰণত এই বিদ্যালয়খন আন বিদ্যালয়ৰ লগত সংলগ্ন কৰা হ’ল তাৰ উত্তৰ বিচাৰে ৷

কিন্তু শিক্ষাখণটোত বিষয়া গৰাকী উপস্থিত নথকাত প্ৰতিবাদকাৰীসকল খৰ্গহস্ত হৈ পৰে ৷ পূৰ্বতে প্ৰতিবাদ কৰাত এই গৰাকী বিষয়াই যিকোনো প্ৰকাৰে বিদ্যালয়খন ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি দি শিক্ষকসকলক পাঠদান চলাই নিয়াৰ নিৰ্দেশ দিছিল ৷ এতিয়া পূণৰ শিক্ষক সকলৰ লগতে মধ্যাহ্ন ভোজন চাউল আদি নতুন বিদ্যালয়খনলৈ পঠোৱাত আজি পূণৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ সেয়েহে আজি প্ৰতিবাদকাৰীৰ সন্মুখিন হোৱাৰ ভয়ত শিক্ষা বিষয়া গৰাকী পলায়ন কৰাৰ অভিযোগ উঠিছে ৷

আনহাতে যথেষ্ট ভিতৰুৱা অঞ্চলৰ বিদ্যালয়খনৰ শিক্ষকজনে এতিয়া নিজৰ সন্তানক ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত পঢ়ুৱাৰ বাবে উক্ত গাঁৱৰ পৰা গৈ নলবাৰী চহৰত ঘৰ ভাড়া কৰি থাকিবলৈ লৈছে বুলি জানিব পৰা গৈছে ৷ নলবাৰীৰ পৰা অহা যোৱাৰ সুবিধাৰ বাবে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰে গোপন মিতিৰালি কৰি প্ৰধান শিক্ষক ৰৌচান আলীয়ে এই অভিসন্ধি ৰচনা কৰাৰো অভিযোগ কৰিছে বিদ্যালয় পৰিচালনা সমিতিয়ে ৷

শিক্ষা বিষয়াক নাপায় প্ৰতিবাদকাৰী সকলে গৈ নলবাৰী জিলাৰ জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে ৷ তাত এগৰাকী দণ্ডাধীশ উপস্থিত হৈ তেওঁলোকক শান্ত কৰি বিষয়টোৰ সুব্যৱস্থাৰ আশ্বাস প্ৰদান কৰে ৷