পুণৰ অঘটন বন্দে ভাৰত এক্সপ্ৰেছত। এইবাৰ নলবাৰীত বন্দে ভাৰত এক্সপ্ৰেছে খুন্দা মাৰে গৰুক।
নলবাৰী ৰেল ষ্টেচনৰ সমীপত শনিবাৰে আবেলি প্ৰায় ৫ বজাত ৰেলখনে লাইনত থকা এটা গৰুক খুন্দা মৰাৰ ফলত এক্সপ্ৰেছখনৰ সন্মুখৰ ভাগ ক্ষতিগ্ৰস্ত হয় আৰু ৰে’লখনৰ সন্মুখভাগৰ এটা অংশ এৰাই যায় ৷ খবৰ অনুসৰি এক্সপ্ৰেছখনে পশ্চিম বংগৰ নিউ জলপাইগুৰিৰ পৰা গুৱাহাটী অভিমুখে আহি থাকোতেই ঘটনাটো সংঘটিত হয়।
ইয়াৰ লগে লগেই ৰে’লখন ৰখাই পৰ্যৱেক্ষণ কৰে ৰে’লৱেৰ এটা দলে ৷ ৰে’লখনৰ সন্মুখৰ এৰাই যোৱা অংশটো সংলগ্ন কৰাৰ পাচতহে পুনৰ যাত্ৰা আৰম্ভ কৰে।
উল্লেখ্য যে উত্তৰ-পূব অঞ্চলৰ প্ৰথম বন্দে ভাৰত এক্সপ্ৰেছ ২৯ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল।
মন কৰিবলগীয়া যে দেশত বন্দে ভাৰত ৰে’ল সেৱা আৰম্ভ হোৱাৰে পৰা বৰ্তমানলৈকে একাধিক দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ ৰে’লৱে ট্ৰেকত থকা জন্তুক খুন্দা মৰাৰ ফলতে বিভিন্ন স্থানত ৰে’লখনত ক্ষতি সাধন হৈ আহিছে ৷
ৰাজস্থানৰ আলৱাৰ জিলাত অন্য এখন বন্দে ভাৰত এক্সপ্ৰেছে গৰুক খুন্দা মৰাৰ ফলত ৰে’ল লাইনৰ কাষতে থকা এজন লোকৰ গাতে গৰুটো পৰিছিল । যাৰ ফলত মৃত্যু পৰ্যন্ত হৈছিল লোকজনৰ ।