গৰমত ডাঙৰ সকলৰ দৰে শিশুসকলৰো দিনবোৰ অসহ্যকৰ হৈ পৰে । এনে সময়ত শিশুৰ প্ৰতি যথোচিত সযতনৰ অভাৱত বহুতো শিশু অস্থিৰতা, নিদ্ৰাহীনতা , চৰ্মৰোগ, বা অন্নান্য কিছু ৰোগত ভুগিব পাৰে। ৰাজ্যত এতিয়া প্ৰখৰ ৰ’দ, উৎকট গৰম। একপ্ৰকাৰ ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা পৰিৱেশ। এনে গৰমত যাতে নিজৰ সন্তান সুৰক্ষিত হৈ থাকে তাক লৈ সচেতন হোৱা প্ৰয়োজন পিতৃ–মাতৃসকল।
আহক জানো সন্তানক গৰমৰ পৰা ৰক্ষা কৰাৰ বাবে কিছু উপায়।
১। শিশুৰ পোচাক :-
গৰমত সকলো বয়সৰ শিশুক ঢিলা আৰু কপাহী কাপোৰ পিন্ধাব । লগতে কাপোৰ গাঢ় ৰঙৰ সলনি বগা বা পাতল ৰঙৰ হোৱাতো যুগুত । কপাহী কাপোৰে গাৰ ঘাম সহজে শুহি লয় আৰু নানা ৰোগ প্ৰতিৰোধ কৰে । ছিন্থেটিক কাপোৰৰ তুলনাত সুতাৰ কাপোৰে অধিক পৰিমাণে শৰীৰৰ ঘাম শুহি লয়।
গ্ৰীষ্মকালত আপোনাৰ কেঁচুৱাৰ বাবে পাতল ৰঙৰ কাপোৰ বা কপাহৰ কাপোৰ যথেষ্ট। যেতিয়ালৈকে আপুনি আপোনাৰ কেঁচুৱাক পোনপটীয়া সূৰ্যৰ পৰা আঁতৰাই ৰাখে, ই আপোনাৰ সন্তানৰ বাবে সৰ্বশ্ৰেষ্ঠ পোছাক। ইয়াৰ উপৰি, লেয়াৰিং পৰিহাৰ কৰাৰ লগতে এয়াও নিশ্চিত কৰিব যে ছানবাৰ্ণৰ পৰা ৰক্ষা পাবৰ বাবে সন্তানক সম্পূৰ্ণ হাতৰ টপ আৰু সম্পূৰ্ণ পেণ্ট পিন্ধাব।
২। শিশুৰ খোৱাপানী আৰু আহাৰ:-
নিজৰ শৰীৰটো হাইড্ৰেটেড কৰি ৰখাটো শিশু বা বয়োজ্যেষ্ঠ সকলোৰে বাবে প্ৰয়োজনীয়। যেতিয়া আমাৰ পিয়াহ লাগে আমাৰ পানীৰ বটল হাতত লওঁ, কিন্তু শিশুৱে নিজে এই কাম কৰিব নোৱাৰে। এয়া আপোনাৰ দায়িত্ব যে আপুনি সন্তানক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে পানী খুৱাওক যাতে শৰীৰ ডিহাইড্ৰেচনৰ পৰা ৰক্ষা পৰে।
৬ মাহৰ তলৰ শিশুক কোনো ধৰনৰ বাহিৰা পানী বা আহাৰ নুখুৱাব । এনে বয়সত মাকৰ গাখীৰেই আহাৰ- পানীৰ প্ৰয়োজনীয়তা দুৰ কৰে । সেয়ে সময়মতে মাতৃদুগ্ধ খুৱাব । অভাৱত অন্য গাখীৰ বা কৃত্ৰিম শিশুদুগ্ধ খুৱালে শিশুৰ গাৰ তাপমাত্ৰাৰ সমতা অনুকুলে খুৱাব । (গৰু বা ছাগলীৰ গাখীৰত ৩-৪ গুণ পানী মিহলাই খুৱাব )
যিমানেই গৰম নহওক শিশুক বৰফ কোলড্ৰিঙ্ক ফ্ৰীজৰ চেচাপানী কোনোপধ্যে নুখুৱাব । বাহিৰলৈ গলে উতলাই ঠান্ডা কৰা বিশুদ্ধ পানী বতলত ভৰাই নিব । ৬ মাহৰ ওপৰৰ শিশুক অন্য আহাৰ খুৱাওতে গৰম আৰু গুৰুপাক আহাৰৰ পৰিৱৰ্তে লঘু আহাৰ, ৰসাল ফল বা জুচ , মগু দাইল বা শাকপাচলীৰ জোল আদি খুৱাব । আঠিয়া কল ভিজোৱা পানী , নেমু , মৌচম্বী আদিৰ চৰৱত বা কম মাত্ৰাত ডাবৰ পানী ,কুহিয়াৰৰ ৰস খুৱাব পাৰে । (চৰ্দি কাহ জৰ আদি থাকিলে নুখুৱাব)
৩। শিশুৰ মালিচ:-
শিশুৰ কোমল চাল বা অংগপ্ৰত্যংগ সমুহ সুদৃঢ় আৰু মজবুত হবলৈ তেল মালিচ ব্যায়াম আদি কৰোৱাতো অতিকে আৱশ্যক । গৰম দিনত মিঠাতেল বা শৰীৰ গৰম হব পৰা অন্য কোনো তেল ব্যৱহাৰ নকৰি শুকানে নাইবা শুদ্ধ নাৰিকল তেল বা অলিভ অইল সানি লাহে লাহে ভৰি হাতকে ধৰি দেহৰ সৰ্ব অংগত মালিচ আৰু ব্যায়াম কৰাই দিব । ডাঙৰ শিশু হলে শিকাই দিব ।
৪। গা ধুউৱা:–
মালিচৰ কিছু সময় পিচত শিশুক (সদায়ে) গা ধুৱাব । গাধোৱা কুহুমীয়া গৰম পানী বা ৰ’দত তপতাই ঠান্ডা হলে ধুৱাব। (শিশুৰ গাৰ স্বভাৱিক তাপতকৈ বেচি গৰম হব নালাগে ) কেচুৱাত বহল টাৱত গা ধুউৱাতো ভাল । বেচিভাগ শিশুৱে গা ধুই বৰ আনন্দ পায় । সেইবুলি অকলে কেতিয়াও এৰি নিদিব বা অন্যমনষ্ক নহব । সদায় চাবোন ঘহাতকৈ মাজে মাজে হালধী আৰু বেচন ( কম মাত্ৰাত পনীয়াকৈ) সানি গা ধুউওৱাতো ভাল ।
কেচুৱাক সদায় এবাৰকৈ গা ধুৱাব আৰু ঘামি গলে মাজে মাজে ঘামবোৰ সেমেকা কাপোৰেৰে মচি দিব ।
গাধোৱাৰ পিচত ভালদৰে গা নুশুকুৱাকৈ ভিজা গাত একো নাসানিব । ডক্টৰৰ পৰামৰ্শ অনুসৰি ক্ৰীম, লোচন, পাউডাৰ আদি ঘঁহিব পাৰে ।
৫। কোঠাৰ বাতাবৰন-
বহুতো শিশুৱে গৰমত ঘৰৰ ভিতৰত থকাতো অসহ্যবোধ কৰে । খেলা বা টোপনী যাবলৈ অসুবিধা পায় । তথাপিও গৰমত আপোনাৰ সন্তানক বাহিৰলৈ উলিয়াই নিয়াৰ পৰিৱৰ্তে যিমান সম্ভৱ ঘৰৰ ভিতৰতে ৰখা উচিত। সেয়ে শিশুৰ বাবে কোঠাৰ বাতাবৰন শীতল হোৱাতো বাঞ্চনীয় । মাজে মাজে মুকলিত শীতল বতাহ লগোৱাৰ উপৰি ঘৰত বতাহ চলাচলৰ সুব্যৱস্থা, বিচনীৰ বাঁ , ফেন, এয়াৰ কন্ডিচনাৰ আদিৰে কোঠাৰ তাপমাত্ৰ কমাব পাৰে ।
মনৰ ৰাখিব শিশুৰ গাত কেতিয়াও পোণপতিয়াকৈ ফেনৰ বতাহ নলগাব । ২৪ডিগ্ৰীতকৈ অধিক বা নিম্নলৈ এয়াৰ কন্ডিচনিং নকৰিব ।
৬। ডায়পাৰৰ ব্যৱহাৰ :-
মনত ৰাখিব শিশুক ডায়পাৰ পিন্ধাওতে সদায় ভাল কোম্পানীৰ লিকপ্ৰুফ আৰু কিছু ঢিলা জোখৰ ডায়পাৰহে পিন্ধাব। পিন্ধোৱাৰ আগতে শিশুৰ ককাল, তপিনা আদি ভালদৰে শুকোৱাৰ পিচত বেবি ক্ৰিম বা নাৰিকল তেল ঘঁহি পিন্ধাব । এনে কৰিলে কোমল চালত বেক্টেৰীয়া বা আন্য চালৰ ৰোগৰ ভয় নাথাকে । অৱশ্যে অনবৰতে এইবোৰ পিন্ধাই থোৱাতকৈ পাতল কপাহী কাপোৰ মেৰাই বা জাঙ্গিয়া আদি পিন্ধোৱাতো ভাল । আৱশ্যক অনুসৰি ৩ ঘন্টাতকৈ অধিক সময় ডায়পাৰ নিপিন্ধাব ।
সংগ্ৰহীত: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ