গৰমচু্ংত ৰাইজে কৰায়ত্ত কৰে বিলাতী সুৰা ভৰ্তি টেম্পোসহ চালকক

অবৈধ ভাবে বিক্ৰী কৰা সুৰা বেপাৰীক সুৰা দিবলৈ আহি হাতেলোতে ধৰা পৰে টৈম্পো চালক।

ৰবিবাৰে, কামৰূপ জিলাৰ হাজো সমষ্টিৰ কঞা থানাৰ অন্তৰ্গত গৰমচু্ংত ৰাইজে কৰায়ত্ত কৰে সুৰা ভৰ্তি টেম্পোসহ চালকক। জানিবলৈ পৰা মতে বিজু দাস নামৰ ব্যক্তিজনে AS-14C-9909 নম্বৰৰ টেম্পো গাড়ীৰে নলবাৰীৰ দোকোহাৰ পৰা বিলাতী সুৰা আনি কামৰূপৰ কঞা আৰক্ষী থানাৰ অন্তৰ্গত দৈচপৰাৰ পথজোলাত অবৈধ সুৰা বেপাৰী জনাৰ্দন কলিতাক সুৰা দি গৰমচু্ংৰ মণ্টু কলিতাক দিব যাওতে সচেতন ৰাইজে সুৰা ভৰ্তি টেম্পোসহ চালক বিজু দাসক কৰায়ত্ত কৰে।

সচেতন লোকসকলে কঞা আৰক্ষীক খৱৰ দিয়াত ঘটনাস্থলিত কঞা আৰক্ষী উপস্থিত হৈ সুৰা ভৰ্তি টেম্পোখন জব্দ কৰি চালক বিজু দাসক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে। ইতিমধ্যে ঘটনা সন্দৰ্ভত কঞা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা বুলি জানিবলৈ পৰা গৈছে।

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বৰপুল্লা দৈচপৰা গৰমচু্ংত আৰক্ষীৰ চকুত ধূলি দি অবৈধ ভাবে সুৰা বিক্ৰী কৰা বেপাৰী সকলৰ ওপৰত কঞা আৰক্ষীয়ে কি ব্যবস্থা গ্ৰহন কৰে সেইটো অতি লক্ষণীয় হ’ব।