গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা।

অৱশেষত গ্ৰেপ্তাৰ হ’ল বিতৰ্কিত লেখিকা শিখা শৰ্মা।

দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে শিখা শৰ্মাক।

ফেচবুকত বিজেপি নেত্ৰী জোনালী নাথ সম্পৰ্কে কৰা বিতৰ্কিত মন্তব্যৰ বাবে আৰক্ষীয়ে কৰিছিল আটক। হত্যাৰ বলি হোৱা বিজেপি নেত্ৰী নাথৰ চৰিত্ৰক লৈ কৰিছিল প্ৰশ্ন।

শিখা শৰ্মাৰ মন্তব্যৰ বিৰুদ্ধে আপত্তি দৰ্শাইছিল ৰাজ্যিক মহিলা আয়োগে আৰু এই সন্দৰ্ভত দিছপুৰ আৰক্ষী থানাত ৰুজু কৰিছিল এক গোচৰ। এই সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা হেমপ্ৰভা বৰঠাকুৰে আৰক্ষীলৈ পত্ৰ লিখিছিল। আৰক্ষী সঞ্চালক প্ৰধানলৈ লিখা পত্ৰত তেওঁ এনে কাৰ্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষীক অনুৰোধ জনাইছিল ।

আৰু এই গুচৰৰ ভিত্তিতে দীৰ্ঘ সময়ৰ জেৰাৰ অন্তত শিখা শৰ্মাক গ্ৰেপ্তাৰ কৰা হয়।

পাছত তেওঁক লৈ যোৱা হয় স্বাস্থ্য পৰীক্ষাৰ বাবে ।

পূৰ্বতেও বিতৰ্কিত মন্তব্য কৰি কাৰাগাৰলৈ গৈছিল শিখা শৰ্মা।