গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্যবাসীকঃ ৭ দশকৰ ভিতৰত ছেপ্তেম্বৰ মাহত গুৱাহাটীত সৰ্বাধিক উষ্ণতা

ডিজিটেল ডেক্স, গুৱাহাটীঃ প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহে দহিছে ৰাজ্য। দিনৰ ভাগত গৰমৰ তীব্ৰতাই জুৰুলা কৰিছে ৰাজ্যবাসীক। গুৱাহাটীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰচণ্ড উত্তাপে ত্ৰাহি মধুসূদন সোঁৱৰাইছে ৰাইজক।

পৰিস্থিতিয়ে এনে পৰ্যায় পাইছে যে বিগত সাত দশকত ছেপ্তেম্বৰ মাহৰ গৰমৰ অভিলেখ আজি ভংগ হৈছে। বৰঝাৰস্থিত বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শিলচৰত আজি ৩৯.৪ ডিগ্ৰী চেলছিয়াছ উষ্ণতাই ভংগ কৰিছে অভিলেখ। ১৯৫১ চনৰ পৰা ২০২৩ বৰ্ষৰ সময়ছোৱাত ছেপ্তেম্বৰ মাহত গুৱাহাটীতো গ্ৰীষ্ম প্ৰবাহে অতিক্ৰম কৰিছে সকলো সীমা।

আজিৰ দিনটোত গুৱাহাটীত সৰ্বাধিক উষ্ণতা ৩৮.২ ডিগ্ৰী চেলছিয়াছ। আনহাতে লখিমপুৰত আজি সৰ্বাধিক উষ্ণতা ৩৭.৯ ডিগ্ৰী চেলছিয়াছ বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ হৈছে। অৱশ্যে ২০১৩ৰ ১৯ ছেপ্তেম্বৰত লখিমপুৰত ৩৮ ডিগ্ৰী চেলছিয়াছৰ সীমা স্পৰ্শ কৰিছিল। আনহাতে ডিব্ৰুগড়ত আজি সৰ্বাধিক উষ্ণতা ৩৭.৮ ডিগ্ৰী চেলছিয়াছ, যোৰহাতত ৩৭.২ ডিগ্ৰী চেলছিয়াছ বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্যত প্ৰকাশ।