চহা কৃষকৰ ব্যস্ততাৰ মাহ শাওন। ৰʼদ – বৰষুণক নেওচি পথাৰ চহাই কঠীয়া ৰোৱাৰ সময় এয়া। পুৱাৰ পৰা সন্ধিয়ালৈ পথাৰত ব্যস্ত হৈ পৰিছে কৃষক-ৰোৱনী।
ধমধমাৰ নিকটৱৰ্তী তথা বাক্সা জিলাৰ অন্তৰ্গত গোৱালবিল গাঁৱৰ খেতিপথাৰতো পৰিলক্ষিত হৈছে এই ব্যস্ততা । গাঁওখনৰ ৰাইজে আজি পথাৰত পালন কৰিছে পৰম্পৰাগত সমূহীয়া গোজ লোৱা পৰ্ব৷
গোৱালবিল গাঁও উন্নয়ন সমিতিৰ উদ্যোগত আয়োজিত এই সমূহীয়া গোজ লোৱা পৰ্বত গাঁওখনৰ শতাধিক কৃষক ৰোৱনীয়ে অংশ লয়। গোৱালবিল গাঁও উন্নয়ন সমিতিয়ে প্ৰতি বছৰে বিশ বিঘা মাটিত এনেদৰে শালি ধানৰ খেতি কৰি আহিছে।
পৰম্পৰাগতভাৱে চলি অহা এই প্ৰথা আজিও অব্যাহত ৰাখিছে গাঁওখনে । এই পৰ্বত অংশ লোৱা কৃষক – ৰোৱনীক আপ্যায়নো কৰা হয় পৰম্পৰাগত জলপানেৰে । উল্লেখ্য যে এই খেতিৰ পৰা উৎপাদিত শস্যৰ ধনেৰে মন্দিৰ নিৰ্মাণৰ লগতে আৰ্তজনক সহায় আগবঢ়ায় গাঁও উন্নয়ন সমিতিয়ে ।