ৰঙিয়াঃ কামৰূপত গোৰেশ্বৰ আৰক্ষীৰ অভিযান । চুৰি বাইক বিচাৰি পৃথকে পৃথকে হাজো আৰু ডোৱকৰ বিভিন্ন স্থানত গোৰেশ্বৰ আৰক্ষী, হাজো আৰক্ষী আৰু ডোৱক আৰক্ষীৰ যুটীয়া অভিযান ।
আৰক্ষীৰ অভিযানত জব্দ হৈছে তিনিখনকৈ চুৰি গ্লেমাৰ বাইক । লগতে গ্ৰেপ্তাৰ হৈছে তিনিজনকৈ বাইক চোৰ । ধৃত চোৰ তিনিজন হৈছে হাজো থানাৰ অন্তৰ্গত দিহিনা গাঁৱৰ চন্দীচৰন দাস ওৰফে কলা, দিপেন দাস আৰু ডোৱক থানাৰ অন্তৰ্গত গুইয়া গাঁৱৰ ৰাজীৱ আলী ।
ঘটনাৰ বিৱৰণী অনুসৰি কেইবাখনো বাইক চুৰিৰ গোচৰৰ অনুসন্ধান কৰিবলৈ মঙ্গলবাৰে নিশা হাজোত উপস্থিত হল গোৰেশ্বৰ আৰক্ষী । হাজো থানাৰ অন্তৰ্গত দিহিনাত গোৰেশ্বৰ আৰক্ষী আৰু হাজো আৰক্ষীয়ে কেইবা ঠাইতো বাইক চোৰৰ সন্ধানত নামি পৰে । তাৰ পিছতে দুজনকৈ বাইক চোৰ আৰক্ষীৰ জালত পৰে । ধৃত বাইক চোৰ দুজন হৈছে হাজো থানাৰ অন্তৰ্গত দিহিনা গাঁৱৰ চন্দীচৰন দাস ওৰফে কলা আৰু দিপেন দাস ।
ইয়াৰ পিছতে চন্দীচৰন দাস ওৰফে কলা আৰু দিপেন দাসক আৰক্ষীয়ে জেৰা চলালে । আৰক্ষীৰ জেৰাত দুয়োজনে স্বীকাৰ কৰিলে বাইক চুৰিৰ কথা । তাৰ পিছতে গোৰেশ্বৰ আৰক্ষীয়ে ডোৱক আৰক্ষীৰ সহায়ত ডোৱক থানাৰ অন্তৰ্গত ডিমুৰ এখন গেৰেজৰ পৰা তিনিখনকৈ চুৰি গ্লেমাৰ জব্দ কৰে । লগতে গেৰেজৰ গৰাকী তথা তিনিখনকৈ চুৰি বাইক মজুত ৰখাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ৰাজীৱ আলীক ।