গোলাঘাটৰ যুৱকৰ হাত দুছেও কৰা কাণ্ড, দুজনক আটক

গোলাঘাটঃ গোলাঘাটত বাইকেৰে গৈ থকা অৱস্থাত এজন যুৱকৰ এখন হাত কাটি দুছেও কৰা কাণ্ডৰ তদন্তত নামি পৰিছে আৰক্ষী। প্ৰথমাৱস্থাত আৰক্ষীৰ সঁহাৰি নোপোৱা যুৱকৰ পৰিয়ালে খুমটাই বিধায়ক মৃণাল শইকীয়াৰ ওচৰত অভিযোগ দাখিল কৰিছিল। ইয়াৰ পিছতে ঘটনাৰ তদন্ত আৰম্ভ হয় ক্ষিপ্ৰ গতিত।

বিধায়কগৰাকীৰ তৎপৰতাত গোলাঘাট আৰক্ষী অধীক্ষক গৰাকীয়ে সমগ্ৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰি ঢেকীয়াল চিনাতলি অঞ্চলৰ দুজন যুৱকক দেৰগাঁও আৰক্ষীৰ সহযোগত আটক কৰি দেৰগাঁও থানাত সোধাপোছা অব্যাহত ৰাখিছে। আৰক্ষী তদন্ত প্রক্রিয়াতহে সমগ্র ঘটনা পোহৰলৈ আহিব।

উল্লেখ্য, গোলাঘাটত বাইকেৰে গৈ থকা অৱস্থাত এজন যুৱকৰ এখন হাত কাটি দুছেও কৰিছিল দুৰ্বৃত্তই। নিশা ডাম্পাৰত অহা দুৰ্বৃত্তই এজন ৩০ বছৰীয়া যুৱকৰ সোঁ–হাতখন চোকা অস্ত্ৰৰে কাটি দুছেও কৰি পথৰ মাজত পেলাই থৈ গৈছিল। ইমানদিনে অন্ধকাৰত থকা এই ঘটনা পোহৰলৈ আহে বিধায়ক মৃণাল শইকীয়াৰ টুইটৰ পিছতহে।

২৩ দিন ধৰি এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ অভিযোগ উঠিছে। ঘটনাৰ পিছতে যুৱকজনৰ পিতৃয়ে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে কোনো গুৰুত্ব নিদি কৃত্ৰিম হাত লগাই লোৱাৰ পৰামৰ্শ দিছিল। তাৰ পিছতে ন্যায় বিচাৰি বিধায়কৰ কাষ চাপে যুৱকজনৰ পিতৃ। বিধায়ক মৃণাল শইকীয়াই এই ঘটনা অতি গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্ৰীলৈ টুইট কৰে।

আজি হঠাতে এই লোমহৰ্ষক ঘটনাৰ বাতৰি পোহৰলৈ অহাৰ পিছতে গোলাঘাটৰ চোমনী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰভাত শ‌ইকীয়া আৰু কনিষ্টবল মুনীন্দ্ৰ মাধৱ শ‌ইকীয়াক ৰিজাৰ্ভ ক্ল’জ কৰাৰ নিৰ্দেশ জাৰি কৰা হয়।