গোলাঘাটত মৃত্যু হোৱা চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ শোকাকুল পৰিৱেশত আজি জানাজা সম্পন্ন

গোলাঘাটত চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ অনাকাংশিত মৃত্যুঃ শোকাকুল পৰিৱেশত আজি জানাজা সম্পন্নঃ

সৰভোগঃ বৰপেটা জিলাৰ সৰুক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত পাকাবেতবাৰী গাওঁৰ লগতে গোলাপ হুছেইনৰ ঘৰত আজি কান্দোনৰ ৰোল।

কৰ্তব্যৰত অৱস্থাতেই মৃত্যু চিআৰপিএফ জোৱান গোলাপ হুছেইনৰ।

উল্লেখযোগ্য যে গোলাপ হুছেইন চিআৰপিএফৰ বি/১৪২ গোলাঘাট বেটেলিয়নত কৰ্মৰত আছিল।

যোৱা মঙলবাৰে দিনৰ প্ৰায় দুই বজাত পৰিয়ালৰ লোকক নিজৰ ছাৰ্ভিছ বন্দুকৰ গুলিত নিহত হোৱা বুলি গোলাঘাটস্থিত বি/১৪২ নং চিআৰপিএফ বেটেলিয়নৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।

তেওঁলোকে জানিবলৈ দিয়া কৰ্তব্য পালন কৰি কেম্প আভিমূখে আহি ৰাস্তাৰ কাষত তেওঁৰ গুলীবিদ্ধ নিথৰ দেহটো পৰি থকাৰ কথা পৰিয়ালৰ লোকক জানিবলৈ দিয়ে ।

এই খবৰ শুনাৰ লগে পৰিয়ালৰ লোকৰ মাজৰ হুৱাদুৱা লাগে।

উল্লেখযোগ্য যে দহদিন মান ছুটীত ঘৰত থাকি, যোৱা দেওবাৰে গোলাঘাটৰ উৰিয়ামঘাটৰ কেম্পলৈ ওভতি গৈছিল।

এই মৃত্যুক পৰিয়ালৰ লোক আৰু গাওঁবাসীয়ে সহজভাৱে মানি ল’ব পৰা নাই।

মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছত আজি নিশা তিনি বজাত হাউলী চিআৰপিএফে জৰিয়তে মৃতদেহ পাকাবেতবাৰীৰ বাসগৃহত লৈ আহে।

হাজাৰ হাজাৰ লোকৰ উপস্থিতিত আজি ৰাতিপুৱা আঠ বজাত শোকাকুল পৰিৱেশত তেওঁৰ জানাজা সম্পন্ন হয়।

কি পৰিস্থিতিত সেনা জোৱান জনৰ মৃত্যু হ’ল তাৰ এক নিৰপেক্ষ তদন্তৰ দাবী জনায় ৰাইজৰ দলৰ কেন্দ্ৰীয় সম্পাদক মনিৰুজ জামানে।

ঘৰৰ এক মাত্ৰ উপাৰ্জনকাৰী সেনা জোৱান গোলাপ হুছেইনৰ মৃত্যুৰ পিছত বৃহত্তৰ পৰিয়ালটোৰ ওপৰত চৰকাৰী যাতে সু-দৃষ্টি নিক্ষেপ কৰে তাৰ দাবী জনায় গোলাপ হুছেইনৰ আত্মীয়ই ।

পৰিয়ালৰ তথা অঞ্চলবাসীয়ে গোলাঘাট জিলা প্ৰশাসন আৰু অসম চৰকাৰক এক নিৰপেক্ষ তদন্ত কৰি মৃত্যুৰ ৰহস্য উদ্ঘাটন কৰিবলৈ দাবী উত্থাপন কৰে।