গেলেকী হাতীপটি বগিচাপৰিত পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য

গেলেকী হাতীপটি বগিচাপৰিত পুখুৰীত এজন লোকৰ মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্য।

শিৱসাগৰঃ বগিচাপৰিত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰক লৈ ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। নাজিৰাৰ গেলেকী হাতীপটি বগিচাৰি নিবাসী টিংকু কৰ্মকাৰৰ বাৰীৰ পাছফালৰ পুখুৰীত আজি পুৱা ওপঙি থকা অৱস্থাত এজন লোকৰ মৃতদেহ স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰে।

মৃত লোক জনৰ নাম লালু লাইক (৬০) বুলি ৰাইজে চিনাক্ত কৰে। মৃত লালু লাইক মইনাটিংৰ নিবাসী বুলি জানিব পৰা গৈছে।

ঘটনাস্থলীত গেলেকী আৰক্ষী, মইনাটিং আৰু বগিচাপৰি গাঁৱৰক্ষী বাহিনীৰ সভাপতি নফিজ আহমেদ সহ নাজিৰা মহকুমা দণ্ডাধীশ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ জিলা জয়সাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আনহাতে স্থানীয় ৰাইজৰ লগতে গাঁৱৰক্ষী বাহিনীয়ে সংবাদ-মাধ্যমৰ আগত অভিযোগ কৰা মতে অঞ্চলটোত দীৰ্ঘদিন ধৰি চুলাই মদ বিক্ৰী আৰু সৰবৰাহ চলি থকাৰ বাবে এনে ধৰণৰ ঘটনা সমূহ দিনক দিনক বৃদ্ধি পাব ধৰিছে বুলি মন্তব্য কৰিছে গাওঁৰক্ষী বাহিনীৰ সম্পাদকজনে।