শিৱসাগৰ গেলেকী শিৱবাৰী চাহ বাগিচাত সভ্য সমাজক লজ্জানত ঘটনা সংঘটিত হৈছে।
গেলেকীৰ শিৱবাৰীত এটা কিশোৰক অসৎ চৰিতাৰ্থ পুৰণৰ চেষ্টা এজন পূজাৰীৰ।
ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি শিৱবাৰী চাহ বাগিচাত।
মানৱ সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে গেলেকীৰ শিৱবাৰীত।
এইবাৰ নাক কাটিলে পৱিত্ৰ স্থান মন্দিৰৰ এজন পূজাৰীয়ে।
শিৱবাৰী মন্দিৰৰ পুজাৰীৰ বিৰুদ্ধে উঠিছে এক নিকৃষ্ট কাণ্ডৰ অভিযোগ।
শিৱবাৰী বাগিছাত কৰ্মৰত এজন কিশোৰক মন্দিৰ চৌহদত থকা পুজাৰীৰ কোঠালৈ মাতি নি বিভিন্ন চলাহী কথাৰে পুজাৰী সম্ভু পুৰীয়ে ফলমুল খুৱাই অচেতন কৰি অসৎ চৰিতাৰ্থ পুৰণৰ চেষ্টা চলাওতেই চেতনা ঘুৰি আহে কিশোৰ গৰাকীৰ।
তাৰ পিছতেই উক্ত ঘটনা পোহৰলৈ অহাৰ লগে লগে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় শিৱবাৰী চাহ বাগিচাত।
এই নিকৃষ্ট ঘটনা সংঘটিত কৰি
পুজাৰী সম্ভু পুৰী বৰ্তমান পলাতক হৈ আছে।
এই নিকৃষ্ট কাণ্ড সংঘটিত কৰা সম্ভু পুৰীৰ বিৰুদ্ধে গেলেকী আৰক্ষী থানাত মন্দিৰ পৰিচালনা সমিতিয়ে আজি দাখিল কৰিছে এজাহাৰ।
আৰু বৰ্তমান পলাতক পূজাৰীৰ বিৰুদ্ধে গেলেকী আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।